কাছাৰত আৰক্ষী অভিযানত ১,১১০ কাৰ্টন চুৰি শীতল পানীয় উদ্ধাৰ
কাছাৰ, ১২ জুলাই (হি.স.) কাছাৰ আৰক্ষীৰ দ্ধাৰা চুৰি সামগ্ৰী উদ্ধাৰ। চুৰি হোৱা সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিছে। মনিপূৰ ইম্ফলৰ জগনাৰায়ণ প্ৰসাদ নামৰ এজন ব্যৱসায়ীয়ে লক্ষীপুৰ থানাত ৰুজু কৰা এক গোচৰৰ ভিত্তিত বাচকান্দ
কাছাৰত আৰক্ষী অভিযানত ১,১১০ কাৰ্টন চুৰি শীতল পানীয় উদ্ধাৰ


কাছাৰ, ১২ জুলাই (হি.স.) কাছাৰ আৰক্ষীৰ দ্ধাৰা চুৰি সামগ্ৰী উদ্ধাৰ। চুৰি হোৱা সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিছে। মনিপূৰ ইম্ফলৰ জগনাৰায়ণ প্ৰসাদ নামৰ এজন ব্যৱসায়ীয়ে লক্ষীপুৰ থানাত ৰুজু কৰা এক গোচৰৰ ভিত্তিত বাচকান্দি আৰক্ষীয়ে

হাইলাকান্দি জিলাৰ আলগাপুৰ আৰু বোৱালিপুৰত অভিযান চলায়। অভিযান কালত আৰক্ষীয়ে মনিপুৰৰ ব্যৱসায়ী জনৰ চুৰি হোৱা বুজন পৰিমানৰ শীতল পানীয় উদ্ধাৰ কৰে। কোকাকোলা, আৰু বিভিন্ন পৰিমানৰ মাজা (MAAZA)ৰ পেকেট থকা মুঠ ১,১১০ কাৰ্টন চুৰি

সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। এই চুৰি কাণ্ডৰ সৈতে জৰিত থকা আলগাপুৰ প্ৰথম খণ্ডৰ

মুক্তাদুৰ ৰহমান চৌধুৰী নামৰ এজনক গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে ইম্ফলৰ ব্যৱসায়ী জনে আৰক্ষীক দিয়া অভিযোগ অনুসৰি যোৱা বুধবাৰে গুৱাহাটীৰ পৰা কোকাকোলা আৰু মাজা বোজাই কৰি এএছ ০১কেচি-৯৩১৭ নম্বৰৰ ট্ৰাকখন ইম্ফলৰ উদ্দেশ্যে ৰাওনা হৈছিল। ট্ৰাকখন কাছাৰৰ বাচকান্দিৰ উজান তাৰাপুৰ অঞ্চলত আহি উপস্থিত হোৱাৰ পিছত এদল দুস্কৃতিকাৰীয়ে ট্ৰাকখন ৰখাই ট্ৰাকখনৰ থকা সকলো সামগ্ৰী চুৰি কৰি লৈ যায়।

ট্ৰাকখনত মুঠ ১৫,৪৭,৪৭৫ টকাৰ সামগ্ৰী আছিল বুলি এজাহাৰত উল্লেখ কৰিছিল ব্যৱসায়ী জগনাৰায়ণ প্ৰসাদে। এই অভিযোগৰ ভিত্তিত বাচকান্দি চকীৰ আৰক্ষীয়ে হাইলাকান্দিৰ আলগাপুৰ আৰু বোৱালিপুৰত অভিযান চলাই চুৰি সামগ্ৰী সমুহ উদ্ধাৰ কৰে। আৰক্ষীৰ মতে, এই চুৰি কাণ্ডৰ সৈতে আৰু কেইবাজনো লোক জৰিত আছে। বৰ্তমান পলাতক অৱস্থাত থকা চোৰৰ গেংটোক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande