নলবাৰীত অংকন জুবিন গাৰ্গৰ এখন ছৱি
নলবাৰী, ১১ জুলাই (হি.স.)। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটো মচি দিয়া বিতৰ্কৰ পিছত এইবাৰ নলবাৰীত অংকন কৰা হল জুবিন গাৰ্গৰ এখন ছৱি। মাজনিশাৰ পৰা পুৱা ৯ বজালৈ নলবাৰীত এইদৰে শিল্পীয়ে অংকন কৰিলে অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীৰ এখন সুন্দৰ ছবি। জুব
নলবাৰীত অংকন জুবিন গাৰ্গৰ এখন ছৱি


নলবাৰী, ১১ জুলাই (হি.স.)। অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ফটো মচি দিয়া বিতৰ্কৰ পিছত এইবাৰ নলবাৰীত অংকন কৰা হল জুবিন গাৰ্গৰ এখন ছৱি। মাজনিশাৰ পৰা পুৱা ৯ বজালৈ নলবাৰীত এইদৰে শিল্পীয়ে অংকন কৰিলে অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীৰ এখন সুন্দৰ ছবি। জুবিন গাৰ্গ মায়াবিনী টিমৰ উদ্যোগত নিতুমনি দাস আৰু প্ৰীতম শৰ্মাই অংকন কৰিলে এই ফটোখন। নলবাৰীৰ আম্বেদকাৰ চকত পুৰণি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পকী দেৱালত গভীৰ নিশাৰ পৰা অংকন কৰিলে এইখন ছবি।

কালি দিনৰ ভাগত মুখ্যমন্ত্ৰীয়ে যেনেকৈ তেনেকৈ ছবি আকিবলৈ দিয়া নহ'ব বুলি কোৱাৰ লগতে গৰিমা গাৰ্গৰ পৰা অনুমিত লৈ হে ছবি আঁকিব লাগিব বুলিও মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ সময়তে গভীৰ নিশাৰ পৰা নলবাৰীৰ সদৰ থানাৰ সমীপত এইদৰে এই সকল শিল্পীয়ে অংকন কৰিলে জুবিন গাৰ্গৰ এইখন ফটো। জুবিন গাৰ্গৰ ফটোৰ কাষত লিখি দিয়া হল লিজেণ্ডচ নেভাৰ ডাই। দোপালপিতা বৰষুণৰ মাজতে ওৰে নিশা চলি থাকিল ছবি অংকন প্ৰক্ৰিয়া। আজি পুৱা ৯ বজাত সম্পুৰ্ণ হল এইখন ছবি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande