শ্ৰীভূমিত ১০ হাজাৰ য়াবা টেবলেটসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
শ্ৰীভূমি, ১১ জুলাই (হি.স.)। শ্ৰীভূমিত ১০ হাজাৰ য়াবা টেবলেটসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। শুকুৰবাৰে পুৱতি নিশা গোপন সূত্ৰৰ ভিত্তিত শ্ৰীভূমি জিলাৰ শ্বৰীফ নগৰস্থিত ৰাষ্ট্ৰীয় ঘাইপথত(NH8)আৰক্ষীয়ে এক বিশেষ অভিযান চলাই দুজন সন্দেহভাজন ড্ৰাগছ
শ্ৰীভূমিত ১০ হাজাৰ য়াবা টেবলেটসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ


শ্ৰীভূমি, ১১ জুলাই (হি.স.)। শ্ৰীভূমিত ১০ হাজাৰ য়াবা টেবলেটসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ।

শুকুৰবাৰে পুৱতি নিশা গোপন সূত্ৰৰ ভিত্তিত

শ্ৰীভূমি জিলাৰ শ্বৰীফ নগৰস্থিত ৰাষ্ট্ৰীয়

ঘাইপথত(NH8)আৰক্ষীয়ে এক বিশেষ অভিযান চলাই দুজন সন্দেহভাজন

ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। অভিযানত তেওঁলোকৰ দখলৰ পৰা

১০,০০০টা সন্দেহজনক য়াবা টেবলেট জব্দ কৰা হয়।

আৰক্ষী সূত্ৰে জনোৱা অনুসৰি, জব্দ কৰা য়াবা টেবলেট সমূহৰ মুঠ ওজন ১.০৯৭ কিলোগ্ৰাম।

জব্দ কৰা ড্ৰাগছ সমূহ আইনী প্ৰক্ৰিয়াৰ বাবে জব্দ কৰি তদন্ত আৰম্ভ কৰা

হৈছে।

গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দুজন হৈছে

শ্ৰীভূমি জিলাৰ লামাজুৱাৰ অসিত পাল আৰু জিলা সদৰৰ ২২নং ৱাৰ্ডৰ বাসিন্দা মহিত আহমেদ।

আৰক্ষীৰ প্ৰাথমিক অনুমান অনুসৰি, জব্দ কৰা য়াবা টেবলেট সমূহ সৰবৰাহৰ উদ্দেশ্যে কঢ়িয়াই নিয়া হৈছিল। উক্ত ঘটনাৰ সৈতে আন কোনো ব্যক্তি বা ড্ৰাগছ সৰবৰাহ চক্ৰ জড়িত আছে নেকি, সেয়া তদন্ত কৰি চোৱা হৈছে। ঘটনাৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে অধিক তদন্ত অব্যাহত

ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande