
গুৱাহাটী, ১১ জুলাই (হি.স.)। আজি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত ধীৰেণপাৰা এফ আৰ ইউত আজি এই বিশ্ব জনসংখ্যা দিৱসৰ শুভাৰম্ভণি কৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া(পৰিয়াল কল্যাণ) ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞাই। বিষয়া গৰাকীয়ে জিলাখনৰ সাম্ভাব্য দম্পত্তী সকলক সুবিধা অনুযায়ী পৰিয়াল পৰিকল্পনাৰ স্থায়ী আৰু অস্থায়ী পদ্ধতি সমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
অহা ১৮ জুলাইলৈকে চলিবলগীয়া জনসংখ্যা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পৰিয়াল পৰিকল্পনাৰ স্থায়ী আৰু অস্থায়ী পদ্ধতিসমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতিৰ তৰফৰ পৰা বিভিন্ন মাধ্যমেৰে প্ৰচাৰ কাৰ্যসূচী চলোৱা হ’ব। জিলাৰ আশাকৰ্মী সকলে সাম্ভাব্য দম্পত্তীৰ ঘৰে ঘৰে গৈ পৰিয়াল পৰিকল্পনাৰ অস্থায়ী সামগ্ৰীসমূহৰ লগতে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব।
আজিৰ কাৰ্যসূচীত কামৰূপ মহানগৰৰ জিলা যক্ষ্মা বিষয়া ডাঃ মৃদুল ভাৰতী নাথ, ধীৰেণপাৰা এফ আৰ ইউৰ অতিৰিক্ত অধীক্ষক ডাঃ ৰক্তিম তামুলী, আইপাছ ফাউণ্ডেচনৰ স্পেচিয়েলিষ্ট হেলথ চিষ্টেম ডাঃ তপন কলিতা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আৰু খণ্ড ভিত্তিক বিষয়ববীয়াসকলো উপস্থিত থাকে৷ এই কাৰ্যসূচীত পৰিয়াল পৰিকল্পনাৰ বিভিন্ন বিষয়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা তিনিগৰাকী আশাকৰ্মীক আনুষ্ঠানিকভাবে সম্বৰ্ধনা জনোৱা হয়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী