শিৱসাগৰৰ প্ৰগতি নাৰ্ছিংহোমত উত্তপ্ত পৰিস্থিতি
শিৱসাগৰৰ প্ৰগতি নাৰ্ছিংহোমত উত্তপ্ত পৰিস্থিতি।
শিৱসাগৰৰ প্ৰগতি নাৰ্ছিংহোমত উত্তপ্ত পৰিস্থিতি


শিৱসাগৰ, ১১ জুলাই (হি.স.): শিৱসাগৰৰ প্ৰগতি নাৰ্ছিংহোমত যোৱা কালি শুকুৰবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । শিৱসাগৰৰ দিচাংমুখৰ এক ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ আদালতলৈ লৈ অহা আটকাধীন ব্যক্তি আদালত চৌহদতে মূৰ্চ্ছা যোৱাৰ পাছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । এই ঘটনাক লৈ দিচাংমুখ আৰক্ষীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তোলে পৰিয়ালৰ লোকে ।

উল্লেখ্য় যে বিগত নিশা দিচাংমুখত দুটা পৰিয়ালৰ মাজত সৃষ্টি হোৱা মাৰ-পিটৰ ঘটনাৰ পাছত দিচাংমুখ আৰক্ষী থানাত নিশা এজাহাৰ দাখিলৰ বাবে উপস্থিত হৈছিল পংকজ বৰুৱা নামৰ ব্যক্তিজন । পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি দিচাংমুখ আৰক্ষীয়ে এজাহাৰ গ্ৰহণৰ পৰিৱৰ্তে পংকজ বৰুৱা নামৰ ব্যক্তিজনক পুৱালৈকে আৰক্ষী থানাত বহুৱাই ৰখাৰ উপৰি আজি শুক্ৰবাৰে আদালতলৈ লৈ আহে। পৰিয়ালৰ লোকে জনোৱা মতে হৃদৰোগত আক্ৰান্ত পংকজ বৰুৱা আদালত চৌহদতে অচেতন হৈ পৰে । দিচাংমুখ নিবাসী প্ৰাক্তন কাউন্সিলাৰ পংকজ বৰুৱা আৰু তেওঁৰ পিতৃ বিমান বৰুৱাই তেওঁলোকক সত্যজিৎ হাজৰিকা আৰু বিশ্বজিৎ হাজৰিকা নামৰ ব্যক্তি দুজনৰ বিৰুদ্ধে মাৰ-পিট কৰা বুলি দিচাংমুখ থানাত এজাহাৰ প্ৰদানৰ বাবে নিশা উপস্থিত হৈছিল।

আৰক্ষীয়ে এই দুয়োজন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ গ্ৰহণৰ পৰিৱৰ্তে পংকজ বৰুৱা সমগ্ৰ নিশা থানাত বহুৱাই ৰাখি পুৱা আদালতলৈ লৈ অনাৰ অভিযোগ পংকজ বৰুৱাৰ পৰিয়ালৰ লোকৰ । মাত্ৰ এজন আৰক্ষীৰ লোকৰ সৈতে পংকজ বৰুৱাক আদালতলৈ প্ৰেৰণ কৰা বুলি অভিযোগ পৰিয়ালৰ লোকৰ । আদালত চৌহদত অচেতন হোৱা পংকজ বৰুৱাক ততাতৈয়াকৈ প্ৰগতি নাৰ্ছিংহোমত ভৰ্তি কৰা হয় যদিও পৰিয়ালৰ লোকে নাৰ্চিংহোম চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

দিচাংমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লৱণ বৰুৱাৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ তুলিছে পংকজ বৰুৱাৰ পৰিয়ালৰ লোকে । প্ৰগতি নাৰ্চিংহোমত বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে পংকজ বৰুৱা নামৰ ব্যক্তিজন।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande