
বাক্সা, ১১ জুলাই (হি.স.)। গোৰেশ্বৰ থানাৰ অন্তৰ্গত সুৱাগপুৰত কালি নিশা সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ডাম্পাৰ আৰু স্কুটিৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষ। থিতাতে নিহত দুই স্কুটি আৰোহী ক্ৰমে দ্বীপেন বড়ো আৰু গৌতম বড়ো। দূৰ্ঘটনাস্থলীত উপস্থিত হয় সুৱাগপুৰ আৰু গোৰেশ্বৰ আৰক্ষী ।
দূৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নম্বৰ হৈছে এএছ ০১ এইছ চি-৮১৪৩। দূৰ্ঘটনাত পতিত হোৱা স্কুটি খনৰ নম্বৰ হৈছে এএছ-২৫ৱাই-২৯০৭।অঞ্চলটোত ইয়াৰ পুৰ্বেও একাধিক ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিষয়ে জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ