
নলবাৰী, ১১ জুলাই (হি.স.)। নলবাৰীত নিশা সংঘটিত পথ দুৰ্ঘটনা৷ কালি নিশা ১১.৩০ বজাত নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ বেগী এখন চুইফট বাহনে দিভাইডাৰত প্ৰচণ্ড জোৰে খুণ্ডিয়াই বাগৰি যায় । বাহন খনত থকা তিনি জন যাত্ৰী আহত হয় । নলবাৰী কাজিপাৰাৰ পৰা ইউপি ১৭ কে ৮৪৯০ নম্বৰ চুইফট বাহন আহি থকা সময়ত ডিভাইদাৰত খুন্দিওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ।
দুৰ্ঘটনাত আহত তিনিজন যাত্ৰীক নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ