
শিৱসাগৰ, ১১ জুলাই (হি.স.)। আজি পঞ্চমটো দিন। এতিয়াও নিৰ্গত গেছ বন্ধ কৰিব পৰা অএনজিচি য়ে।
নাজিৰাৰ গেলেকীৰ জনসাধাৰণ এতিয়া আশংকাৰ মাজত দিন কটাবলগীয়া হৈছে। প্ৰতিদিনে ভূগৰ্ভৰ পৰা নিৰ্গত হোৱা প্ৰাকৃতিক গেছ বিষ্ণুপূৰ আদৰ্শ গাঁৱৰ বিভিন্ন স্থানত ওলাবলৈ আৰম্ভ কৰিছে।
প্ৰথমতে বসন্ত দূৱাৰাৰ ব্ৰয়লাৰ ফাৰ্মত।তাৰ পিছতে কাষতে লাগি থকা তৈলখাদত আৰু এতিয়া দেখিবলৈ পোৱা গৈছে
খেতি পথাৰৰ মাজত গেছ নিৰ্গমন। অএনজিচি ৰ বিভিন্ন বিভাগৰ এক্সপাৰ্ট আহিছে যদিও সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গেছ নিৰ্গমন ৰোধ কৰাত।
দুদিন ধৰি স্থানীয় ৰাইজে চৌকা জলাব পৰা নাই। যিহেতু অহৰহ ভাৱে গেছ নিৰ্গমন হৈ আছে বিভিন্ন স্থানত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু