শ্ৰীভূমিৰ চৰগোলা গাঁৱত কচুৱা নৈৰ পানীত উটি অহা উদ্ধাৰ ভগৱান জগন্নাথ দেৱৰ বিগ্ৰহ
শ্ৰীভূমি, ১১ জুলাই (হি.স.)। শ্ৰীভূমিৰ চৰগোলা গাঁৱত অলৌকিক ঘটনা। কচুৱা নৈৰ পানীত উটি অহা উদ্ধাৰ ভগৱান জগন্নাথ দেৱৰ বিগ্ৰহ। দুৰ দুৰণিৰ পৰা ভক্তৰ সমাগম। চাকি বন্তি জ্বলাই সেৱা জনাবলৈ হেতা ওপৰা লাগিছে জগন্নাথ দেৱৰ আখৰাত। সমাগত সনাতন ধৰ্মৰ বিশেষ উৎস
শ্ৰীভূমিৰ চৰগোলা গাঁৱত কচুৱা নৈৰ পানীত উটি অহা উদ্ধাৰ ভগৱান জগন্নাথ দেৱৰ বিগ্ৰহ


শ্ৰীভূমি, ১১ জুলাই (হি.স.)। শ্ৰীভূমিৰ চৰগোলা গাঁৱত অলৌকিক ঘটনা।

কচুৱা নৈৰ পানীত উটি অহা উদ্ধাৰ ভগৱান জগন্নাথ দেৱৰ বিগ্ৰহ।

দুৰ দুৰণিৰ পৰা ভক্তৰ সমাগম।

চাকি বন্তি জ্বলাই সেৱা জনাবলৈ হেতা ওপৰা লাগিছে জগন্নাথ দেৱৰ আখৰাত।

সমাগত সনাতন ধৰ্মৰ বিশেষ উৎসৱ ৰথযাত্ৰা আৰু জগন্নাথ দেৱৰ ৰথযাত্ৰাৰ

প্ৰাক মুহূৰ্তত এনেদৰে অলৌকিকভাবে জগন্নাথ দেৱৰ মূৰ্ত্তিৰ আবিৰ্ভাৱৰ

ফলত ব্যাপক ধৰ্মীয় অনুভূতিৰ সৃষ্টি

হৈছে অঞ্চলটোত ।

জানিব পৰা গৈছে শেহতীয়াকৈ শ্ৰীভূমি জিলাৰ চৰগোলাৰ নন্দপুৰ গাঁৱত থকা প্ৰায় তিনি শ বছৰ পুৰণি জগন্নাথ দেৱৰ আখৰাৰ সন্মুখেৰে

দি গৈছে কচুৱা নৈ।

আৰু আজি পূৱাৰ ভাগত স্থানীয় ৰাইজে খোজকাঢ়ি থাকোঁতে হঠাৎ প্ৰত্যক্ষ কৰে নৈৰ পাৰত মেটেকাৰ মাজত ভগবান জগন্নাথ দেৱৰ বিগ্ৰহ। মুহূৰ্তত লাগিল হুৱাদুৱা।

খবৰ দিয়া হয় কাষত থকা জগন্নাথ আখৰাৰ সেৱাত (বৈষ্ণৱক)।

তেওঁ নৈৰ পানীত নামি ভগৱান জগন্নাথ দেৱৰ বিগ্ৰহ আনি আখৰাত স্থাপন কৰে। মুহূৰ্তত জগন্নাথ দেৱৰ বিগ্ৰহ উদ্ধাৰ খবৰ বিয়পোৱাৰ লগে লগে চুবুৰীয়া তথা দুৰ দূৰণিৰ পৰা ভকত ৰাইজৰ হেতা ওপৰা লাগে।

স্থানীয় লোকৰ বিশ্বাস যে হেতু এতিয়া পানীত কোন সোঁত নাই।বৰ্তমান স্থিৰ পানীৰ মাজতে মূৰ্তিটো

প্ৰভুৰ মন্দিৰৰ কাষতে উঠি থকা

অৱস্থাত পোৱা গৈছে।এয়া ভগৱান জগন্নাথ দেৱৰ এক

অলৌকিক ঘটনা বুলি জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande