
দক্ষিণ শালমাৰা, ১১ জুলাই (হি.স.)। দক্ষিণ শালমাৰাৰ নদীত আজি দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণ নিচাজাতীয় টেবলেট আৰু কফছিৰাপ জব্দ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ এক গোপন খৱৰৰ ভিত্তিত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ লস্কৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ধুবুৰী-ফুলবাৰী সংযোগী এখন ইঞ্জিন চালিত নাৱত অভিযান চলায় ৷
ইঞ্জিন চালিত নাও খনত অভিযান চলাই ২১ হাজাৰ ৮ শ ১৬ টা নিচাজাতীয় টেবলেট আৰু ৩ শ নিচাজাতীয় কফছিৰাপ জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়া ৷ অবৈধ নিচাজাতীয় সামগ্ৰীখিনি ধুবুৰীৰ পৰা দক্ষিণ শালমাৰালৈ কঢ়িয়াই অনা ইঞ্জিন চালিত নাও খনো আৰক্ষীয়ে জব্দ কৰে।
ধৃত সৰবৰাহকাৰী দুজন মানকাচৰ থানা এলেকাৰ কুকুৰমাৰা গাঁৱৰ ছলিবৰ শ্বেখৰ পুত্ৰ ৰাজীৱ মিঞা আৰু আন এজন দক্ষিণ শালমাৰাৰ বালাডোবা গাঁৱৰ মনিৰ উদ্দিন বুলি জানিব পৰা গৈছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা