
চৰাইদেউ, ১১ জুলাই (হি.স.)। চৰাইদেউত মহামাৰী ৰূপত আফ্ৰিকান ছোৱাইন ফিভাৰ। হতাশগ্ৰস্ত গাহৰি পালক।
চৰাইদেউ জিলাত শেহতীয়াকৈ আফ্ৰিকান ছোৱাইন ফিভাৰে মহামাৰী ৰূপ ধাৰণ কৰি জিলা খনৰ শ শ গাহৰি পালকৰ সপোন নিঃশেষ কৰি পেলাইছে। জিলা খনৰ মাহমৰাত বিশেষকৈ আফ্ৰিকান ছোৱাইন ফিভাৰৰ কৱলত পৰি হাজাৰ হাজাৰ গাহৰি মৃত্যু হোৱাত বাধ্যত পৰি বিভাগীয় কতৃপক্ষই বিভিন্ন গাহৰি ফাৰ্মত ৰোগত আক্ৰান্ত গাহৰি নিধন কৰিছে।
একপ্ৰকাৰ তচনচ হৈ পৰিছে গ্ৰাম্য অৰ্থনীতি।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা