
তিনিচুকীয়া, ১১ জুলাই (হি.স.)। মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ জাগুন সোনালী জনজাতি ৰাভা গাঁৱত বুঢ়ীদিহিং নৈ প্ৰৱল গঢ়াখহনীয়াই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে।
বিগত দুটা বছৰতে নৈৰ বুকুত জাহ গৈছে গাওঁখনৰ শ শ বিঘা কৃষি ভূমি। কৃষি ভূমি হেৰুৱাই গাওঁখনৰ কেইবাটাও পৰিয়ালৰ এতিয়া হাহাকাৰ অৱস্থা। বাৰিষাৰ লগে লগে বুঢ়ীদিহিং নৈয়ে ৰাভা গাঁৱৰ কৃষি ভূমিত সৃষ্টি কৰি অহা এনে ব্যাপক খহনীয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে ৰাভা গাঁৱৰ কৃষিজীৱী ৰাইজ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু