
হোজাই, ১১ জুলাই (হি.স.): হোজাই জিলাৰ লামডিঙত ৰেলৱে উৰণসেতু নিৰ্মাণ কৰা চুৰি হোৱা লোহা যোৱা কালি শুকুৰবাৰে সন্ধিয়া জব্দ কৰা হয় । অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীৰ পৰা পূৰ্বতেও বহু লোহাৰ ৰড্ আৰু তেল চুৰি হৈছিল ।
লামডিং ইটাভাটা চাৰিআলিৰ চামছুদ্দিন মজুমদাৰ নামৰ এটা লোকে ডেম্পৰ পৰা বিয়লি ধৰা পৰে।লামডিঙ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাষ্কৰ শইকীয়া নেতৃত্বত চুৰি হোৱা লোহা জব্দ কৰে লামডিং আৰক্ষীয়ে |লামডিং আৰক্ষীয়ে এইখন ডেম্পৰ পৰা ৪৮ খন ৮৩৩ কেজি চুৰিকৰা লোহা জব্দ কৰে । উল্লেখযোগ্য যে চামচুদ্দিন মজুমদাৰ নামৰ লোকজনে পূৰ্বতেও লোহা চুৰি কৰাৰ অভিযোগত জেললৈ গৈছিল । বৰ্তমান লামডিং আৰক্ষীয়ে ব্যক্তিজনক সোধা-পোচা কৰি তদন্ত আৰম্ভ কৰিছে |
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ