
নতুন দিল্লী, ১১ জুলাই (হি.স.)। প্ৰস্তাৱিত ভাৰত-আমেৰিকা বাণিজ্য চুক্তি আৰু কৃষি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ বিৰুদ্ধে দেশজোৰা আন্দোলনৰ প্ৰস্তুতি তীব্ৰতৰ হৈছে। সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক)ই সংযুক্ত কিষাণ মৰ্চালৈ পত্ৰ লিখি তেওঁলোকৰ মতানৈক্য একাষৰীয়া কৰি উমৈহতীয়া নূন্যতম কাৰ্যসূচীৰ ভিত্তিত যৌথ আন্দোলন আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছে।
সংযুক্ত কিষাণ মৰ্চাৰ (অৰাজনৈতিক) আহ্বায়ক জগজিৎ সিং দলেৱাল আৰু সহ আহ্বায়ক কুৰুবুৰু শান্তকুমাৰে প্ৰেৰণ কৰা পত্ৰখনত কৃষক সম্পৰ্কীয় বিষয়সমূহত ব্যাপক সংহতি এই সময়ৰ প্ৰয়োজনীয়তা বুলি উল্লেখ কৰা হৈছে। পত্ৰখনত দুয়োটা সংগঠনকে এক উমৈহতীয়া কৌশল প্ৰণয়ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলন আৰম্ভ কৰিবলৈ আহ্বান জনোৱা হৈছে।
পত্ৰখনত অভিযোগ কৰা হৈছে যে বিশ্ব বাণিজ্য সংস্থা (ডব্লিউচিও), বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আইএমএফ), আৰু বৃহৎ কৰ্প’ৰেট হাউছৰ প্ৰভাৱত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অহৰহ কৃষক বিৰোধী নীতি ৰূপায়ণ কৰি আছে। ইয়াৰ উপৰিও কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিৰ সৈতে আগবাঢ়িছে যিয়ে কৃষক, কৃষি শ্ৰমিক, আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থত প্ৰভাৱ পেলাব পাৰে।
সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক)ই পঞ্জাৱ চৰকাৰৰ প্ৰস্তাৱিত ভূমি পুলিং নীতিৰ বিৰোধিতাও পত্ৰত প্ৰকাশ কৰে। এই নীতি পুনৰ কাৰ্যকৰী কৰাৰ চেষ্টা কৃষকৰ স্বাৰ্থৰ বিৰুদ্ধে বুলি সংগঠনটোৱে উল্লেখ কৰে। গতিকে কৃষক সংগঠনসমূহে একক মঞ্চত একত্ৰিত হৈ ভূমি, কৃষি, বাণিজ্যৰ সৈতে জড়িত সকলো গুৰুত্বপূৰ্ণ বিষয়ত যুঁজ দিব লাগে।
পত্ৰখনত উল্লেখ কৰা অনুসৰি কৃষক সংগঠনসমূহৰ মাজত বহল ঐক্য প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ২৫ জুন আৰু ১ জুলাইত চণ্ডীগড়ত বৈঠক অনুষ্ঠিত হয়। এই বৈঠকসমূহৰ ফলত বিভিন্ন সংগঠনৰ প্ৰতিনিধিৰ মাজত ইতিবাচক আলোচনা হয়, আৰু যৌথ আন্দোলনৰ ওপৰত একমতত উপনীত হোৱাৰ দিশত অগ্ৰগতি লাভ কৰা হয়।
উল্লেখযোগ্য যে ড° দৰ্শন পাল, ৰাকেশ টিকৈত, হান্নান মোল্লা, আৰু বলবীৰ সিং ৰাজেৱালৰ দৰে বিশিষ্ট কৃষক নেতাসকল সমযুক্ত কিষাণ মৰ্চা (এছ কে এম)ৰ সৈতে জড়িত। ইফালে সমযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক)ৰ নেতৃত্বত আছে জগজিৎ সিং দলেৱাল আৰু সৰৱান সিং পাণ্ডেৰ। এতিয়া কৃষক সংগঠনসমূহে যৌথ আন্দোলনৰ প্ৰস্তাৱৰ ক্ষেত্ৰত এছ কে এমৰ কি স্থিতি গ্ৰহণ কৰে আৰু দুয়োটা সংগঠনে ভৱিষ্যতৰ কৌশলৰ সৈতে কেনেদৰে আগবাঢ়িছে সেয়া চাবলৈ চকু ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া