
কাছাৰ, ১১জুলাই (হি.স.)। সম্প্ৰতি মৰণ ফান্দত পৰিনত হৈছে কাছাৰ জিলাৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ। বিশেষকৈ, শিলচৰ-জয়ন্তীয়া কালাইন পথ আৰু শিলচৰ- কালাইন সংযোগী পথৰ শোচনীয় অৱস্থাই ভীষণ সমস্যাত পেলাইছে সাধাৰণ ৰাইজক। শিলচৰ- কালাইন সংযোগী পথটোত সৃষ্টি হোৱা পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত সমুহে জ্বলাকলা খুৱাইছে যানবাহনৰ চালক আৰু পথচাৰী সকলক।
শিলচৰ, বৰখলা আৰু কাটিগৰা তিনিটা সমষ্টিক সংযোগ কৰা গুৰুত্বপূৰ্ণ এই পথটোৰ সৰহ সংখ্যক ঠাইতে সৃষ্টি হৈছে পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। বিশেষকৈ, ভাংগাৰপাৰ তিনি আলিত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁত সমুহৰ বাবে প্ৰায়ে পথছোৱাত দুৰ্ঘটনা সংঘটিত হয়। পথচোৱা মেৰামতি কৰাৰ দাবীত স্থানীয় লোকে কেইবালানি আন্দোলন কৰিছিল যদিও আজিলৈকে পথছোৱা মেৰামতি কৰা নহ'ল। ফলত পুনৰ আন্দোলনমুখী হৈছে ক্ষুদ্ধ জনতা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা