ৰহা চাপৰমুখৰ শিশু অপহৰণকাৰী পৰিয়ালক উৎখাতৰ দাবী চাপৰমুখবাসীৰ
নগাঁও, ১১ জুলাই (হি.স.)। ৰহাৰ চাপৰমুখৰ চাঞ্চল্যকৰ শিশু অপহৰণকাৰী পৰিয়ালক পুলি-পোখাই উৎখাতৰ দাবী চাপৰমুখবাসীৰ৷ ৰাজহুৱা সভাৰ জৰিয়তে প্ৰশাসনক এই দাবী জনালে ৰাইজে৷ উল্লেখ্য যে যোৱা বুধবাৰে চাপৰমুখৰ মেহেৰুণ নেছা নামৰ আশাকৰ্মী এগৰাকীয়ে চাপৰমুখ কালীবাৰীৰ
ৰহা চাপৰমুখৰ শিশু অপহৰণকাৰী পৰিয়ালক উৎখাতৰ দাবী চাপৰমুখবাসীৰ


নগাঁও, ১১ জুলাই (হি.স.)। ৰহাৰ চাপৰমুখৰ চাঞ্চল্যকৰ শিশু অপহৰণকাৰী পৰিয়ালক পুলি-পোখাই উৎখাতৰ দাবী চাপৰমুখবাসীৰ৷ ৰাজহুৱা সভাৰ জৰিয়তে প্ৰশাসনক এই দাবী জনালে ৰাইজে৷ উল্লেখ্য যে যোৱা বুধবাৰে চাপৰমুখৰ মেহেৰুণ নেছা নামৰ আশাকৰ্মী এগৰাকীয়ে চাপৰমুখ কালীবাৰীৰ পৰা এটি ৮বছৰীয়া শিশুক ফুচুলাই অপহৰণ কৰিছিল৷

কিন্তু আৰক্ষীৰ তৎপৰতাত সেইদিনা নিশাই শিশুটিক উদ্ধাৰ কৰাৰ লগতে আটক কৰিছিল মেহেৰুণ নেছাসহ আন তিনিজন সহযোগীক৷ শুক্ৰবাৰে এই অপহৰণৰ মাষ্টাৰ মাইণ্ড সুভাষ দাস নামৰ শিশু সৰবৰাহকাৰী জনকো চাপৰমুখ আৰক্ষীয়ে নগাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয়৷ পূৰ্ৱতে নঘটা এনে ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে চাপৰমুখবাসীয়ে৷ এনে ঘটনাক লৈ চাপৰমুখত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়৷

ৰাজহুৱা সভাত দুস্কৃতিকাৰী মেহেৰুণ নেছাৰ পৰিয়ালক চাপৰমুখৰ পৰা উৎখাত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে৷ লগতে চাপৰমুখত উদ্বেগজনক ভাৱে বৃদ্ধি পোৱা ড্ৰাগছ, মদ, ভাং আদিৰ বিৰুদ্ধেও কঠোৰ হ’বলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৰাইজে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande