
নগাঁও, ১১ জুলাই (হি.স.)। আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত হোৱা মানৰ আক্ৰমণ ৰুধিবলৈ পঞ্জাৱ কেশৰী ৰঞ্জিত সিংহই অসমলৈ পাঁচশ সৈন্য পঠাইছিল৷ হাদিৰাচকীত মানৰ বিৰুদ্ধে যুঁজি বহু শিখ সৈন্যৰ মৃত্যু হৈছিল৷ একাংশ পূৱলৈ আহি ৰহাৰ চাপৰমুখত তিতাইমাৰী নদীৰ পাৰত বাহৰ পাতিলে৷ লাহে লাহে তিতাইমাৰী নদীৰ পাৰতে গাঁও পাতি গুৰুদ্বাৰ নিৰ্মাণ কৰি অসমৰ মাটি-পানীক আকোৱালি লৈ নিগাজীকৈ বসতি স্থাপন কৰিলে আৰু কালক্ৰমত এই চাপৰমুখ সিং গাঁৱৰ পৰাই প্ৰসাৰিত হৈ অসমৰ বিভিন্ন স্থানত শিখ সকলে বসবাস কৰিবলৈ ল’লে৷ সেয়া দুশ বছৰৰ আগৰ কথা৷
নিজকে অসমীয়া শিখ বুলি পৰিচয় দিয়া শিখ সকলৰ এই দুশ বছৰীয়া সোণালী ইতিহাস সুঁৱৰিবলৈ ৰহাৰ চাপৰমুখ সিংগাঁৱত চলিছে দুশ চাৰি বছৰীয়া বৰ্ষপূৰ্তিৰ বিশেষ আয়োজন৷ অসমীয়া শিখ সন্থাৰ উদ্যোগত অহা অক্টোবৰ মাহত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই গৌৰৱময় দুশ চাৰি বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানৰ বাবে উদ্যোক্তা সকলে এতিয়াৰে পৰা চলাইছে প্ৰস্তুতি৷ শুক্ৰবাৰে এই সম্পৰ্কে অসমীয়া শিখ সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিং আৰু অসমীয়া শিখ সন্থাৰ সম্পাদক গোবিন সিংহই দুশ চাৰি বছৰীয়া বৰ্ষপূৰ্তিৰ কাৰ্যসূচীও সদৰি কৰে৷ তিনিদিনীয়া কাৰ্যসূচীত ধৰ্মীয় পৰম্পৰা তথা ৰীতি-নীতিৰ লগতে মুকলি সভা অনুষ্ঠিত হ’ব৷ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি জানিব দিয়ে আয়োজক সকলে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা