
কোকৰাঝাৰ, ১১ জুলাই (হি.স.)। কোকৰাঝাৰৰ সেৰফাংগুৰী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা । দুৰ্ঘটনাতে থিতাতে মৃত্যু এগৰাকী শিক্ষক । মৃত শিক্ষকগৰাকীক হাড়ভাঙ্গা প্ৰাথমিক বিদ্যালয়ৰ সহ: শিক্ষক প্ৰশুন ধৰ (২৯) বুলি জানিব পৰা গৈছে ৷ মৃত শিক্ষক প্ৰশুন ধৰ ফকিৰাগ্ৰাম পচাগড়ৰ নিৱাসী আছিল ।
শনিবাৰে সেৰফাংগুৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো ।ট্ৰাকৰ প্ৰচণ্ড খুন্দাত থিতাতে মৃত্যু হয় প্ৰশুন ধৰ । দুৰ্ঘটনাত গলধন আৰু এখন হাত চিঙি যায় প্ৰশুন ধৰৰ।স্কুলৰ গৰম বন্ধ চলি থকাৰ বাবে মটৰচাইকেলেৰে কেবাগৰাকী বন্ধুৰ সতে পশ্চিমবংগ অভিমুখে ফুৰিবলৈ গৈ থাকোতে সেৰফাংগুৰীত সংঘটিত হয় উক্ত ভয়াৱহ দূৰ্ঘটনাটো । প্ৰশুন ধৰ মটৰচাইকেলৰ পিছপিনে বহিছিল । প্ৰশুন ধৰ উঠি যোৱা মটৰ চাইকেলৰ চালক মানৱ দাসো আহত হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ