
নলবাৰী, ১১ জুলাই (হি.স.): নলবাৰী জিলাৰ মুকালমুৱা দৌলাশালত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এই ঘটনাত থিতাতে নিহত হয় এগৰাকী ৭৫ বছৰীয়া বৃদ্ধা । মুকালমুৱা দৌলাশালত তীব্ৰ বেগী দুচকীয়া বাহনৰ খুন্দাত পুতলি ডেকা (৭৫) নামৰ বৃদ্ধা গৰাকী থিতাতে নিহত হয় ।
ইফালে এই দুৰ্ঘটনাক লৈ নলবাৰী অতিৰিক্ত উপায়ুক্ত কৌস্তুভ ৰয়ৰ মহানুভৱতা দেখিবলৈ পোৱা যায় । নলবাৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত কৌস্তুভ ৰয়ে অহা ১২ তাৰিখে দৌলাশালত অনুষ্ঠিত হ’ব লগা মুখ্যমন্ত্ৰীৰ কাৰ্যসুচী পৰ্যাবেক্ষন কৰাৰ উদ্দেশ্য গৈ থকা অবস্থাত পথৰ দাতিত পৰি থকা যুবক আৰু বৃদ্ধা আইতা দুয়োগৰাকীকে মুকালমুৱা অসামৰিক চিকিৎসালয়লৈ নিজ বাহনত লৈ আহে ।
জানিব পৰা মতে দৌলাশাল কৃষ্ণ মন্দিৰত পুতুলি ডেকাই সন্ধিয়াৰ চাকি জ্বলাব আহি থাকোতে তীব্ৰ বেগী মায়াবুল ইছলাম নামৰ যুৱকজনৰ দুচকীয়া বাহনে খুন্দিয়ায় । নিহত পুতুলি ডেকাৰ ঘৰ দৌলাশালত বুলি জানিব পৰা গৈছে।বাইক আৰোহী মায়াবুল ইছলাম (৩০)যুৱক জনৰ ঘৰ ঘোৰাবাহাৰ বুলি জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ