হোজাই চহৰৰ ডাঙৰীয়া বাৰীত পথ দূঘটনা
হোজাই চহৰৰ ডাঙৰীয়া বাৰীত পথ দূঘটনা।
হোজাই চহৰৰ ডাঙৰীয়া বাৰীত পথ দূঘটনা


হোজাই, ১১ জুলাই (হি.স.): হোজাই চহৰৰ ডাঙৰীয়া বাৰীত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এক পথ দূঘটনা সংঘটিত হয় । দুখন বাইকৰ মাজত মুখা-মুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় । তীব্ৰ গতিত আহি এখন বুলেটে খুণ্ডিয়াই চালকে পলায়ন কৰে ।

দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা বাইক খনৰ নম্বৰ এএছ ০২ এ ই ২৭২০ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত সুৰজিৎ মজুমদাৰ আৰু বিশ্বজিৎ মজুমদাৰ গুৰুতৰভাৱে আহত হয়। আহত দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পিছত হোজাই আৰক্ষী উপস্থিত হৈ বুলেট খন হোজাই আৰক্ষীয়ে নিজেই চমজি লয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande