
ধুবুৰী, ১১ জুলাই (হি.স.)। আগমনিৰ এখন বজাৰত ছুপাৰ মাৰ্কেটৰ ব্যৱহাৰ নকৰাত প্ৰতিক্ৰিয়া সৃষ্টি। আগমনিৰ হালাকুৰা বজাৰত ছুপাৰ মাৰ্কেটৰ ব্যৱহাৰ নকৰে শাক-পাচলি, মাছ, মাংসৰ দোকানী সমূহে। ছুপাৰ মাৰ্কেট দোকান দিয়াৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় ঘাইপথ, হালাকুৰা জিনকাটা ৰাস্তাৰ দুয়োকাষে শাক-পাচলি আদিৰ দোকান সমূহ দিয়ে। যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হয় পথচাৰীৰ।
জিনকাটা সত্ৰত যোৱা মূল পথটোৰ দুয়োকাষয দোকান দিয়াত সৃষ্টি হয় যানজঁটৰ । ফলত ভক্তৰ লগতে শ শ পথচাৰীৰ নানান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। চৰকাৰে লাখ লাখ টকা খৰচ কৰি ছুপাৰ মাৰ্কেট বনোৱাৰ পিছতো খালি হৈ পৰি থাকে ছুপাৰ মাৰ্কেটখন । জিনকাটা সত্ৰত ভাগৱত পাঠ অনুষ্ঠানৰ পূৰ্বে ছুপাৰ মাৰ্কেটৰ ব্যৱহাৰ কৰিবলৈ সত্ৰৰ বিষয়ববীয়া দোকানী সকলক অনুৰোধ জনোৱাৰ লগতে প্ৰশাসনক এই ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আহ্বান জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ