দেৰগাঁৱত মুকলি নহ'ল নেঘেৰিটিঙৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো
গোলাঘাট, ১১ জুলাই (হি.স.)। দেৰগাঁৱত স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ। আজিও মুকলি নহ''ল নেঘেৰিটিঙৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো । ২০২০ চনতে প্ৰতিষ্ঠা হোৱা এই স্বাস্থ্য কেন্দ্ৰটো এতিয়া পৰিণত হৈছে এৰাবাৰীত। জহি-খহি গৈছে মূল্যৱান আচবাব , চিকিৎসা সামগ্ৰী
দেৰগাঁৱত মুকলি নহ'ল নেঘেৰিটিঙৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো


গোলাঘাট, ১১ জুলাই (হি.স.)। দেৰগাঁৱত স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ। আজিও মুকলি নহ'ল নেঘেৰিটিঙৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো । ২০২০ চনতে প্ৰতিষ্ঠা হোৱা এই স্বাস্থ্য কেন্দ্ৰটো এতিয়া পৰিণত হৈছে এৰাবাৰীত। জহি-খহি গৈছে মূল্যৱান আচবাব , চিকিৎসা সামগ্ৰী। গৰু -ছাগলীৰ বিচৰণ ভূমিত পৰিণত হৈছে স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদ।

তথাপি কিন্তু মুকলি নহ'ল স্বাস্থ্য কেন্দ্ৰটো। যাৰ ফলশ্ৰুতিত উন্নত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে বিশ খনৰো অধিক গাঁৱৰ ৰাইজ । চৰকাৰী ধন শৰাধ কৰাক লৈ তীব্ৰ ক্ষোভ স্থানীয় জনতাৰ । অতি শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰতো মুকলি কৰাৰ আহ্বান ৰাইজৰ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande