
শিৱসাগৰ, ১১ জুলাই (হি.স.)। শিৱসাগৰ সমষ্টিৰ নাক কাটিছে এখন জৰাজীৰ্ণ বাঁহৰ দলঙে। সমষ্টিটোৰ দিকচু গাঁও পঞ্চায়তৰ অন্তৰ্গত বেলিমুখীয়া চাংমাই গাঁও সংযোগী দলঙখনে উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিছে।নামতি জানৰ ওপৰত থকা দলঙখনে জীয়াতু ভোগাইছে গাঁওবাসীক।
প্ৰতি দুই-তিনি মাহৰ মূৰত দলংখন বাঁহেৰে মেৰামতি কৰে যদিও আজিপৰ্যন্ত জনপ্ৰতিনিধিৰ দৃষ্টিগোচৰ নহ'ল।দলংখনত গাঁওখনৰ বহুলোকৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। অঞ্চলবাসীয়ে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক চকু মেলি চাবলৈ আহ্বান জনাই ছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ