বনমন্ত্ৰীৰ নিৰ্দেশৰ পিছত তৎপৰ কচুগাওঁ বন সংমণ্ডল
তিনিখন ডাম্পাৰ বোজাই বৃহৎ পৰিমানৰ কাঠ জব্দ কোকৰাঝাৰ, ১১ জুলাই (হি.স.)।ৰাজ্যৰ বন মন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি অবৈধ কাঠফলা মিল উচ্ছেদ আৰু অবৈধ কাঠ জব্দ কৰাৰ যি কঠোৰ নিৰ্দেশ দিয়া হৈছে তাৰ পাছৰে পৰা প্ৰতিদিন চলিছে অভিযান। কচুগাওঁ বন সংমণ্ডলৰ গোসাইগা
বনমন্ত্ৰীৰ নিৰ্দেশৰ পিছত তৎপৰ কচুগাওঁ বন সংমণ্ডল


তিনিখন ডাম্পাৰ বোজাই বৃহৎ পৰিমানৰ কাঠ জব্দ

কোকৰাঝাৰ, ১১ জুলাই (হি.স.)।ৰাজ্যৰ বন মন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যজুৰি অবৈধ কাঠফলা মিল উচ্ছেদ আৰু অবৈধ কাঠ জব্দ কৰাৰ যি কঠোৰ নিৰ্দেশ দিয়া হৈছে তাৰ পাছৰে পৰা প্ৰতিদিন চলিছে অভিযান।

কচুগাওঁ বন সংমণ্ডলৰ গোসাইগাওঁ ডিপো অফিচাৰ ৰেঞ্জাৰ দীপক বসুমতাৰীৰ নেতৃত্বত জয়মা ভদেয়াগুৰী গাওঁত অভিযান চলাই গোপনে মজুত ৰখা ২০৬ টা কুণ্ডা তথা তিনিখন ডাম্পাৰ বোজাই বৃহত পৰিমানৰ শেগুন,গাম্বাৰী কাঠৰ কুণ্ডা জব্দ কৰে। কাঠ মাফিয়াই বন বিভাগৰ ভয়ত লুকাই ৰাখিছিল কাঠৰ কুণ্ডা সমূহ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande