
নতুন দিল্লী, ১১ জুলাই (হি.স.)। পৰম বীৰ চক্ৰ বঁটা বিজয়ী দ্বিতীয় লেফটেনেণ্ট ৰাম ৰাঘোবা ৰাণেক শনিবাৰে তেওঁৰ মৃত্যু বাৰ্ষিকীত সমগ্ৰ দেশতে শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানকে ধৰি কেইবাগৰাকীও নেতাই তেওঁৰ অতুলনীয় সাহস, বীৰত্ব আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা সমৰ্পিততাক প্ৰণিপাত জনাই আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়া বাৰ্তাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে পৰম বীৰ চক্ৰ বঁটা লাভ কৰা দ্বিতীয় লেফটেনেণ্ট ৰাম ৰাঘোবা ৰাণে ১৯৪৭-৪৮ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ সময়ত অদম্য সাহস আৰু ব্যতিক্ৰমী নেতৃত্ব প্ৰদৰ্শন কৰিছিল। শত্ৰুৰ তীব্ৰ গুলী আৰু অসংখ্য বাধাৰ মাজতো তেওঁ নিজৰ সতীৰ্থসকলৰ বাবে অহৰহ বাট মুকলি কৰি দিছিল, ভাৰতীয় সেনাৰ আগবাঢ়ি যোৱাটো নিশ্চিত কৰিছিল। বিৰলাই কয় যে ৰাণেৰ কৰ্তব্যৰ প্ৰতি অদম্য সমৰ্পণ আৰু কঠিন পৰিস্থিতিতো সাহসেই সামৰিক অভিযানৰ সফলতাৰ ভেটি আছিল। তেওঁৰ এই বীৰত্ব ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ইতিহাসৰ এক সোণালী আৰু প্ৰেৰণাদায়ক অধ্যায়।
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দ্বিতীয় লেফটেনেণ্ট ৰাম ৰাঘোবা ৰাণেক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে তেওঁৰ পৰম ত্যাগ, অদম্য সাহস আৰু অতুলনীয় দেশপ্ৰেমৰ বাবে ৰাষ্ট্ৰ সদায় ঋণী হৈ থাকিব। তেওঁ কয় যে ৰানেৰ জীৱন প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰেৰণাৰ উৎস।
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁৰ বাৰ্তাত কয় যে ১৯৪৭-৪৮ চনৰ ভাৰত-পাক যুদ্ধত নিজৰ অতুলনীয় বীৰত্ব আৰু সাহসেৰে শত্ৰু সেনাক পৰাস্ত কৰা পৰমবীৰ চক্ৰ বঁটা বিজয়ী দ্বিতীয় লেফটেনেণ্ট ৰাম ৰাঘোবা ৰাণেৰ গৌৰৱময় কাহিনীয়ে ভৱিষ্যত প্ৰজন্মক সদায় ৰাষ্ট্ৰ সেৱা, সাহস, আৰু একাগ্ৰতাৰ বাবে প্ৰেৰণা যোগাই থাকিব। এনে সাহসী পুত্ৰৰ ত্যাগ আৰু বীৰত্বৰ বাবেই দেশ নিৰাপদ আৰু গৌৰৱান্বিত বুলিও তেওঁ কয়।
উল্লেখযোগ্য যে দ্বিতীয় লেফটেনেণ্ট ৰাম ৰাঘোবা ৰাণে ভাৰতীয় সেনাৰ কৰ্পছ অৱ ইঞ্জিনিয়াৰৰ এজন বিষয়া আছিল। ১৯৪৭-৪৮ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ সময়ত তেওঁ শত্ৰুৰ গুলীত লেণ্ডমাইন আৰু পথ অৱৰোধ পৰিষ্কাৰ কৰি ভাৰতীয় সেনাৰ টেংক আৰু সৈন্যৰ আগমনৰ বাট মুকলি কৰি দিছিল। তেওঁৰ অসাধাৰণ সাহস আৰু কৰ্তব্যৰ প্ৰতি নিষ্ঠাৰ বাবে তেওঁক দেশৰ সৰ্বোচ্চ সামৰিক বীৰত্বৰ বঁটা পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। আজিও তেওঁৰ জীৱন আৰু বীৰত্ব ভাৰতীয় সেনা আৰু দেশবাসীৰ বাবে এক অমলিন অনুপ্ৰেৰণাৰ উৎস হৈয়েই আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ