২০২৭ ৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব যোৰহাট-মাজুলী সংযোগী দলং
যোৰহাট, ১১ জুলাই (হি.স.)। ২০২৭ ৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ''ব যোৰহাট-মাজুলী সংযোগী দলং/মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে উৎফুল্লিত জনতা বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰত আহিছে এক আশাব্যঞ্জক খবৰ। অসম বিধানসভাৰ বাজে
২০২৭ ৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব যোৰহাট-মাজুলী সংযোগী দলং


যোৰহাট, ১১ জুলাই (হি.স.)। ২০২৭ ৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব যোৰহাট-মাজুলী সংযোগী দলং/মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে উৎফুল্লিত জনতা

বহুদিনীয়া অপেক্ষাৰ অন্ত পেলাই যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰত আহিছে এক আশাব্যঞ্জক খবৰ। অসম বিধানসভাৰ বাজেট অধিৱেশনত চৰকাৰৰ ফালৰ পৰা জনোৱা মতে, ২০২৭ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব যোৰহাট-মাজুলী সংযোগী এই গুৰুত্বপূৰ্ণ দলংখন।ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণাধীন এই বৃহৎ আন্তঃগাঁথনি প্ৰকল্পই সম্পূৰ্ণ হ'লে মাজুলী আৰু মূল ভূখণ্ডৰ মাজত যাতায়াত ব্যৱস্থা অধিক সহজ আৰু সুচল হৈ পৰিব। একে সময়তে শিক্ষা, স্বাস্থ্য, বাণিজ্য তথা পৰ্যটন ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ'ব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, যোৰহাট আৰু মাজুলীবাসীয়ে বহু বছৰ ধৰি এই দলংখন সম্পূৰ্ণ হোৱাৰ অপেক্ষাত আছে। চৰকাৰৰ এই ঘোষণাই মাজুলীবাসীৰ লগতে সমগ্ৰ উজনি অসমৰ জনসাধাৰণৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে।অৱশ্যে বিগত সময়চোৱাত যদিও কোম্পানীসমূহৰ গাফিলতিৰ বাবে দলংৰ কাম ৰৈ গৈছিল সেয়ে এইবাৰ মুখ্যমন্ত্ৰীক দলংখন ক্ষিপ্ৰতাৰে নিৰ্মাণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক পূৰ্ণ হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে নৈপৰীয়া ৰাইজে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande