জামুগুৰিহাটৰ কুসুমটোলাত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু শতাধিক গাহৰিৰ
শোণিতপুৰ, ১১ জুলাই (হি.স.)। জামুগুৰিহাটৰ কুসুমটোলাত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু শতাধিক গাহৰিৰ। মৃত গাহৰিৰ তেজৰ নমুনা প্ৰেৰণ পৰীক্ষাগাৰলৈ। জামুগুৰিহাটৰ কুসুমটোলাত গাহৰি ফাৰ্মত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে শতাধিক গাহৰিৰ। গাঁও খনৰ বিশ্বজিৎ হাজৰি
জামুগুৰিহাটৰ কুসুমটোলাত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু শতাধিক গাহৰিৰ


শোণিতপুৰ, ১১ জুলাই (হি.স.)। জামুগুৰিহাটৰ কুসুমটোলাত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু শতাধিক গাহৰিৰ। মৃত গাহৰিৰ তেজৰ নমুনা প্ৰেৰণ পৰীক্ষাগাৰলৈ। জামুগুৰিহাটৰ কুসুমটোলাত গাহৰি ফাৰ্মত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে শতাধিক গাহৰিৰ। গাঁও খনৰ বিশ্বজিৎ হাজৰিকা নামৰ যুৱক জনৰ গাহৰি ফাৰ্মত যোৱা একসপ্তাহৰ ভিতৰত মৃত্যু হৈছে সৰু বৰ প্ৰায় দুই শতাধিক গাহৰিৰ।

জ্বৰ,তেজ বমি হৈ এইদৰে একসপ্তাহৰ ভিতৰত বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হোৱাৰ পিছত এতিয়া উচন হোৱাৰ পথত আগবাঢ়িছে গাহৰিৰ ফাৰ্মখন।ইতিমধ্যে পশু চিকিৎসকৰ দল উপস্থিত হৈ মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande