ভাৰত-নিউজিলেণ্ডৰ সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ কৰিব উন্নীত, ২০৩০ চনলৈ দ্বিপাক্ষিক বাণিজ্য ৩৫ হাজাৰ কোটি টকালৈ উপনীত হোৱাৰ লক্ষ্য
নতুন দিল্লী, ১১ জুলাই (হি.স.)। ভাৰত আৰু নিউজিলেণ্ডে তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে । ২০৩০ চনৰ ভিতৰত দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যত ৭ বিলিয়ন নিউজিলেণ্ড ডলাৰ (প্ৰায় ৩৫,০০০ কোটি টকা) লাভ কৰাৰ লক
प्रधानमंत्री मोदी और न्यूजीलैंड के प्रधानमंत्री लक्सन


নতুন দিল্লী, ১১ জুলাই (হি.স.)। ভাৰত আৰু নিউজিলেণ্ডে তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে । ২০৩০ চনৰ ভিতৰত দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যত ৭ বিলিয়ন নিউজিলেণ্ড ডলাৰ (প্ৰায় ৩৫,০০০ কোটি টকা) লাভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

শনিবাৰে অকলেণ্ডত অনুষ্ঠিত হোৱা সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সমকক্ষ ক্রিষ্টোফাৰ লাক্সনৰ সৈতে “২০৩০ চনৰ ৰোডমেপ”ত অনুমোদন জনায় ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, ইয়াৰ দ্বাৰা অহা চাৰি বছৰত দ্বিপাক্ষিক সহযোগিতাৰ পুনৰ দিশ নিৰ্ধাৰণ আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে যৌথ কাৰ্য্য পৰিকল্পনাৰ ভিত্তি গঠন হ’ব ।

আলোচনাৰ অন্তত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে বুজাবুজিৰ আদান-প্ৰদানৰ সাক্ষী হৈ পৰে । ইয়াৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ঘোষণা আৰু চুক্তিসমূহ ঘোষণা কৰে ।

মন্ত্ৰালয়ৰ মতে, দুয়োখন দেশৰ মাজত সামুদ্ৰিক সুৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে সামুদ্ৰিক সুৰক্ষা আলোচনা আৰম্ভ কৰা হ’ব । ভাৰত-প্ৰশান্ত মহাসাগৰীয় পদক্ষেপৰ সামুদ্ৰিক সুৰক্ষা স্তম্ভত যোগদান কৰিব নিউজিলেণ্ড । নিউজিলেণ্ডেও গ্ল’বেল বায়’ফুৱেলছ এলায়েন্সত যোগদান কৰিব। কৃষি সহযোগিতাৰ অংশ হিচাপে কিউইফ্ৰুটৰ একচন প্লেন আৰম্ভ কৰা হ’ব আৰু নাগালেণ্ড আৰু উত্তৰাখণ্ডত দুটা কিউফ্ৰুটৰ উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰা হ’ব।

ইয়াৰ উপৰিও এন্টাৰ্কটিকাৰ গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে নেশ্যনেল চেণ্টাৰ ফৰ প’লাৰ এণ্ড অ’চেন ৰিচাৰ্চ (এনচিপিঅ’আৰ), গোৱা আৰু কেণ্টাৰবেৰী বিশ্ববিদ্যালয়ৰ মাজত আৰু খাদ্য প্ৰযুক্তি, গৱেষণা, ছাত্ৰ বিনিময়, আৰু শৈক্ষিক সহযোগিতাৰ বাবে নিফটেম-কুণ্ডলী আৰু মেছি বিশ্ববিদ্যালয়ৰ মাজত চুক্তি স্বাক্ষৰিত হয়।

আজি দুয়োখন দেশৰ নেতাৰ মাজত হোৱা আলোচনাৰ সময়ত মুঠ ১৮ খন চুক্তি আৰু ব্যৱস্থাৰ ওপৰত সহমতত উপনীত হয় । ইয়াৰ ভিতৰত আছে প্ৰতিৰক্ষা আৰু সামুদ্ৰিক সুৰক্ষাৰ সৈতে জড়িত চাৰিটা ডাঙৰ চুক্তি, য’ত আছে সামুদ্ৰিক সহযোগিতা, হাইড্ৰ’গ্ৰাফী আৰু নটিকেল কাৰ্ট’গ্ৰাফী, ভাৰতীয় নৌসেনা আৰু নিউজিলেণ্ডৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত পাৰস্পৰিক লজিষ্টিক সমৰ্থন, আৰু সন্ত্ৰাসবাদ বিৰোধী যৌথ কৰ্মগোট গঠন।

দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এখন চুক্তি স্বাক্ষৰিত হোৱাৰ বিপৰীতে এখনকৈ পশুপালন আৰু দুগ্ধ উৎপাদন, পৰ্যটন, আৰু সাংস্কৃতিক সহযোগিতাৰ সৈতে জড়িত। ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰত-নিউজিলেণ্ড যুটীয়া কাৰ্য্য পৰিকল্পনা গ্ৰহণ কৰা হয়।

ইয়াৰ উপৰিও গুজৰাটৰ লোথালত থকা ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ উন্নয়নৰ বাবে নিউজিলেণ্ড সামুদ্ৰিক সংগ্ৰহালয়ৰ সৈতে এক ব্যৱস্থা স্থাপন কৰা হয়। কলা, ঐতিহ্য, সাংস্কৃতিক পদক্ষেপৰ আদান-প্ৰদানৰ জৰিয়তে সাংস্কৃতিক সহযোগিতাক প্ৰসাৰিত কৰাৰ ব্যৱস্থাও স্থাপন কৰা হৈছিল ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande