হাজো স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ৰামদিয়া ৰাজ্যিক চিকিৎসালয়ত চিকিৎসক অবিহনে চিকিৎসা সেৱা প্ৰদান
কামৰূপ, ১১জুলাই (হি.স.)।ৰাজ্য়ৰ শাসকীয় বিজেপি মিত্ৰ জোত চৰকাৰে অসমত স্বাস্থ্য় খণ্ডৰ অভুতপুৰ্ব উন্নতি হোৱা বুলি সময়ে সময়ে দাবী কৰি অহাৰ বিপৰীতে হাজো স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ৰামদিয়া ৰাজ্যিক চিকিৎসালয়ত বিগত কিছুদিনৰ পৰা চৰম অৰাজকতা বিৰাজ কৰা বুলি স্
হাজো স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ৰামদিয়া ৰাজ্যিক চিকিৎসালয়ত চিকিৎসক অবিহনে চিকিৎসা সেৱা প্ৰদান


কামৰূপ, ১১জুলাই (হি.স.)।ৰাজ্য়ৰ শাসকীয় বিজেপি মিত্ৰ জোত চৰকাৰে অসমত স্বাস্থ্য় খণ্ডৰ অভুতপুৰ্ব উন্নতি হোৱা বুলি সময়ে সময়ে দাবী কৰি অহাৰ বিপৰীতে হাজো স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ৰামদিয়া ৰাজ্যিক চিকিৎসালয়ত বিগত কিছুদিনৰ পৰা চৰম অৰাজকতা বিৰাজ কৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰি আহিছে।

বিগত দুটা মাহ ধৰি চিকিৎসক অবিহনেই চলিছে ৰামদিয়া ৰাজ্যিক চিকিৎসালয়।

দূৰৰ পৰা অহা ৰুগীয়া ব্যক্তি সকলৰ মাজত লাগিছে হাহাকাৰ।

ফাৰ্মাচিষ্টে চাইছে ৰোগী, দিছে ঔষধ

। যাৰ বাবে ভীষণ অসুবিধাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ

। স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande