ইতিহাসৰ পাতত ১২ জুলাইঃ যেতিয়া মিতালী ৰাজে মহিলা ক্ৰিকেটত ইতিহাস সৃষ্টি কৰিছিল
ইতিহাসৰ বহু উল্লেখযোগ্য ঘটনাৰ বাবে ১২ জুলাইৰ দিনটো জনাজাত। ক্ৰীড়া, বিশেষকৈ ক্ৰিকেটৰ ইতিহাসতো এই তাৰিখটো অতি বিশেষ। ২০১৭ চনৰ ১২ জুলাইত ভাৰতীয় মহিলা ক্ৰিকেটৰ প্ৰাক্তন কিংবদন্তি মিতালী ৰাজে মহিলা ক্ৰিকেটৰ ইতিহাসত এক নতুন অধ্যায় লিখিছিল। ২০১৭ চনৰ আ
मिताली राज


ইতিহাসৰ বহু উল্লেখযোগ্য ঘটনাৰ বাবে ১২ জুলাইৰ দিনটো জনাজাত। ক্ৰীড়া, বিশেষকৈ ক্ৰিকেটৰ ইতিহাসতো এই তাৰিখটো অতি বিশেষ। ২০১৭ চনৰ ১২ জুলাইত ভাৰতীয় মহিলা ক্ৰিকেটৰ প্ৰাক্তন কিংবদন্তি মিতালী ৰাজে মহিলা ক্ৰিকেটৰ ইতিহাসত এক নতুন অধ্যায় লিখিছিল। ২০১৭ চনৰ আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলখনৰ সময়ত তেওঁ মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হোৱাৰ গৌৰৱ অৰ্জন কৰে। এই কৃতিত্বৰ জৰিয়তে তেওঁ ইংলেণ্ডৰ প্ৰাক্তন মহান চাৰ্লট এডৱাৰ্ডছৰ অভিলেখ অতিক্ৰম কৰে।

বিখ্যাত কেৰিয়াৰত মিতালীয়ে ভাৰতীয় মহিলা ক্ৰিকেটক নতুন উচ্চতালৈ লৈ যোৱাৰ লগতে দীৰ্ঘদিন ধৰি ভাৰতীয় মহিলা দলৰ অধিনায়কত্বও কৰে। তেওঁৰ ধাৰাবাহিকতা, কৌশল আৰু শান্ত আচৰণে তেওঁক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন কৰি তুলিছিল। মহিলাৰ এদিনীয়া ক্ৰিকেটত ৭ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী খেলুৱৈ হোৱাই নহয়, এই মাইলৰ খুঁটিত উপনীত হোৱা একমাত্ৰ মহিলাও।

মহিলাৰ এদিনীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰাণৰ অভিলেখ তেওঁৰ হাতত আছে। বিখ্যাত কেৰিয়াৰত ২৩২খন মেচত ২১১ ইনিংছত ৭,৮০৫ ৰান সংগ্ৰহ কৰি গড়ে ৫০.৬৮ ৰাণ সংগ্ৰহ কৰে, য’ত ৭টা শতক আৰু ৬৪টা অৰ্ধশতকো আছে। ৱেষ্ট ইণ্ডিজৰ খেলুৱৈ ষ্টেফানী টেইলৰে ১৭৭খন মেচত ৬১৩৪ ৰান সংগ্ৰহ কৰি দ্বিতীয় স্থানত আছে। ইংলেণ্ডৰ চাৰ্লট এডৱাৰ্ডে ১৯১খন মেচত ৫,৯৯২ ৰান সংগ্ৰহ কৰি তৃতীয় স্থানত আছে।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৬৭৩ – নেদাৰলেণ্ড আৰু ডেনমাৰ্কৰ মাজত প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হয়।

১৬৯০ – অৰেঞ্জৰ উইলিয়ামৰ নেতৃত্বত প্ৰটেষ্টেণ্টসকলে ৰোমান কেথলিক সেনাবাহিনীক পৰাস্ত কৰে।

১৮০১ – আলজেচিৰাছৰ যুদ্ধত ব্ৰিটেইনে ফ্ৰান্স আৰু স্পেইনক পৰাস্ত কৰে।

১৮২৩ – ভাৰতত নিৰ্মিত প্ৰথম ভাপ চালিত জাহাজ ডায়েনা কলকাতাত উৎক্ষেপণ কৰা হয়।

১৮৬২ – আমেৰিকাৰ কংগ্ৰেছে মেডেল অৱ অনাৰৰ অনুমোদন প্ৰদান কৰে।

১৯১২ – কুইন এলিজাবেথ আমেৰিকাত প্ৰদৰ্শিত হোৱা প্ৰথমখন বিদেশী ছবি হিচাপে পৰিগণিত হয়।

১৯১৮ – টয়মা উপসাগৰত জাপানৰ যুদ্ধ জাহাজত হোৱা বিস্ফোৰণত ৫০০ লোকৰ মৃত্যু হয়।

১৯৩৫ – বেলজিয়ামে তেতিয়াৰ ছোভিয়েট ইউনিয়নক স্বীকৃতি দিয়ে।

১৯৬০ – ভাগলপুৰ আৰু ৰাঁচী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়।

১৯৭০ – অলাকনন্দ নদীত ব্যাপক বানত ৬০০ জন লোকৰ মৃত্যু হয়।

১৯৯৭ – নোবেল বঁটা বিজয়ী মালালা ইউছুফজাইৰ জন্ম হয় পাকিস্তানত।

১৯৯৮ – ফ্ৰান্স আৰু ব্ৰাজিলৰ মাজত অনুষ্ঠিত হোৱা ফুটবল বিশ্বকাপৰ ফাইনেল খেলখন মুঠ ১৭০ কোটি লোকে চায়।

২০০১ – আগৰতলা আৰু ঢাকাৰ মাজত মৈত্ৰী বাছ সেৱা আৰম্ভ হয়।

২০০৫ – বিখ্যাত ক্ৰিকেট আম্পায়াৰ ডেভিদ শ্বেফাৰ্ডে অৱসৰ গ্ৰহণ কৰে।

২০১৫ – ছাৰ্বিয়াৰ ন’ভাক জ’কভিচে ছুইজাৰলেণ্ডৰ ৰজাৰ ফেডাৰেৰক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে উইম্বলডন খিতাপ দখল কৰে।

জন্ম

১৮৯৫ - আজিৰ দিনটোতে দুৰ্গা প্ৰসাদ ক্ষত্ৰী - হিন্দী ঔপন্যাসিকৰ অন্যতম বিখ্যাত।

১৯০৯ - বিমল ৰায় - ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।

১৯২০ - ৱাই.ভি. চন্দ্ৰচুড় - ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ।

১৯৫৪ - সুলক্ষনা পণ্ডিত - ভাৰতীয় চিনেমাৰ বিখ্যাত অভিনেত্ৰী।

১৯৮২ - অচন্ত শৰৎ কমল - ভাৰতীয় টেবুল টেনিছ খেলুৱৈ।

মৃত্যু

১৯৯৯ - ৰাজেন্দ্ৰ কুমাৰ - হিন্দী ছবিৰ বিখ্যাত চিৰসেউজ অভিনেতা।

২০০২ - ঘনশ্যামভাই ওঝা - গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

২০১২ - দাৰা সিং - বিশ্ববিখ্যাত মল্লযুঁজাৰু আৰু হিন্দী চলচ্চিত্ৰ অভিনেতা।

২০১৩ - প্ৰাণ - হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande