
বাক্সা, ১১ জুলাই (হি.স.)। বাক্সা জিলাৰ গোৰেশ্বৰৰ শুৱাগপুৰত যোৱা কালি শুকুৰবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ডাম্পাৰৰ খুণ্ডাত থিতাতে নিহত হয় দুজন যুৱক । নিহত যুৱক দুজন গোৰেশ্বৰৰ বালাহাটীৰ গৌতম বড়ো (১৯) আৰু দ্বীপেন বড়ো (৩০) বুলি পৰিচয় পোৱা গৈছে ।
জানিব পৰামতে, বগামাটী পৰ্যটনস্থলীৰ গোৰেশ্বৰ অভিমুখে আহি আছিল দুই যুৱক । দুৰ্ঘটনা সংঘটিত কৰি গাড়ী এৰি পলায়ন কৰে ডাম্পাৰৰ চালকজন । দূৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ এএছ ০১ এইচচি ৮১৪৩ বুলি জানিব পৰা গৈছে। ইফালে দূৰ্ঘটনাত পতিত হোৱা স্কুটি খনৰ নম্বৰ এএছ ২৫ ৱাই ২৯০৭ বুলি কোৱা হৈছে। ইতিমধ্যে শুৱাগপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু