

মৰিগাঁও, ১১ জুলাই (হি.স.)। বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈ পৰিছে মৰিগাঁও বন বিভাগ ৷ বনমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে জাগীৰোডত অবৈধ বালি মহলৰ বিৰুদ্ধে অব্যাহত আছে ধাৰাবাহিক অভিযান৷ শুক্ৰবাৰে নিশা জাগীৰোডৰ ডিমৰুগুড়িত অভিযান চলাই বন বিভাগে জব্দ কৰে অবৈধ বালি খননত ব্যৱহাৰ কৰা দুটাকৈ উচ্চ ক্ষমতাসম্পন্ন মেচিন৷
লগতে জব্দ কৰে এন এল ০৬ ডি এ ০০৪৬ নম্বৰৰ এখন জেচিবি৷ স্থানীয় লোকৰ সহযোগত মৰিগাঁও বন বিভাগ, নগাঁও বন সুৰক্ষা বাহিনী আৰু জাগীৰোড আৰক্ষীৰ যৌথ অভিযানত কপিলী নৈৰ পৰা জব্দ কৰে অবৈধভাৱে চলি থকা বালি খনন মেচিন৷ আগন্তুক দিনতো এই অবৈধ বালি খননৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ অব্যাহত থাকিব বন বিভাগৰ৷ মৰিগাঁও জিলা বন বিষয়া মুনমী গগৈৰ নেতৃত্বত চলোৱা হয় এই অভিযান৷ উল্লেখযোগ্য যে, জাগীৰোডৰ কপিলী নৈত প্ৰায় শতাধিক উচ্চ ক্ষমতাসম্পন্ন মেচিন ব্যৱহাৰ কৰি বিগত বছৰ বছৰ ধৰি ৰাজনৈতিক আশিসধন্য এটা চক্ৰই ৰাইজৰ অভিযোগক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি নিৰ্বিঘ্নে চলাই গৈছিল ৰঙা বালিৰ অবৈধ খনন৷ আগন্তুক দিনত এই অবৈধ বালি খননৰ বিৰুদ্ধে বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়৷
হিন্দুস্থান সমাচাৰ / Narayan Kar