হোজাইত খাদ্য সুৰক্ষাক লৈ কঠোৰ অভিযান: পথৰ দাঁতিত খাদ্য বিক্ৰেতাসকলৰ ওপৰত সজাগতা আৰু পৰিদৰ্শন
হোজাই, ১১ জুলাই (হি.স.)। হোজাইত খাদ্য সুৰক্ষাক লৈ কঠোৰ অভিযান: পথৰ দাঁতিত খাদ্য বিক্ৰেতাসকলৰ ওপৰত সজাগতা আৰু পৰিদৰ্শন, জনস্বাস্থ্য সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ। হোজাই জিলাত জনস্বাস্থ্য সুৰক্ষাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা খাদ্য সুৰক্ষা বিভাগ
হোজাইত খাদ্য সুৰক্ষাক লৈ কঠোৰ অভিযান: পথৰ দাঁতিত খাদ্য বিক্ৰেতাসকলৰ ওপৰত সজাগতা আৰু পৰিদৰ্শন


হোজাই, ১১ জুলাই (হি.স.)। হোজাইত খাদ্য সুৰক্ষাক লৈ কঠোৰ অভিযান: পথৰ দাঁতিত খাদ্য বিক্ৰেতাসকলৰ ওপৰত সজাগতা আৰু পৰিদৰ্শন, জনস্বাস্থ্য সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ।

হোজাই জিলাত জনস্বাস্থ্য সুৰক্ষাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে জিলা খাদ্য সুৰক্ষা বিভাগে এক ব্যাপক সজাগতা আৰু পৰিদৰ্শন অভিযান চলাই পথৰ দাঁতিত খাদ্য বিক্ৰী কৰা ব্যৱসায়ীসকলক কঠোৰ স্বাস্থ্যবিধি অনুসৰণৰ নিৰ্দেশ জাৰি কৰিছে। হোজাই চহৰৰ ব্যস্ততম মেইন ৰোডৰ বিষাল মেগামাৰ্টৰ সমীপত অনুষ্ঠিত এই অভিযানৰ নেতৃত্ব দিয়ে হোজাইৰ খাদ্য সুৰক্ষা বিষয়া প্ৰতিষ্ঠা চেতিয়া, যাৰ সৈতে উপস্থিত আছিল ফুড চেফ্টি অন হুইলছ দল।

বিগত কিছু বছৰত হোজাই চহৰকে ধৰি সমগ্ৰ অসমতে পথৰ দাঁতিত খাদ্য বিক্ৰী কৰা ব্যৱসায়ীৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পোৱা দেখা গৈছে। সাধাৰণ ৰাইজৰ বাবে সুলভ মূল্যত খাদ্য উপলব্ধ কৰাৰ ক্ষেত্ৰত এই ব্যৱসায়ীসকলৰ গুৰুত্ব অনস্বীকাৰ্য হ’লেও বহু ক্ষেত্ৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, নিম্নমানৰ কেঁচামালৰ ব্যৱহাৰ, অপৰিষ্কাৰ পানী, পুনঃব্যৱহৃত তেল আৰু অসুৰক্ষিত খাদ্য সংৰক্ষণ পদ্ধতিৰ ফলত খাদ্যবাহিত ৰোগ বৃদ্ধি পোৱাৰ আশংকাও সমানে বৃদ্ধি পাইছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই খাদ্য সুৰক্ষা বিভাগে এই বিশেষ অভিযান আৰম্ভ কৰিছে।

অভিযানকালত খাদ্য সুৰক্ষা বিষয়া প্ৰতিষ্ঠা চেতিয়াই খাদ্য ব্যৱসায়ীসকলৰ সৈতে পোনপটীয়া মতবিনিময় কৰি খাদ্য ব্যৱসায় চলোৱাৰ ক্ষেত্ৰত আইনী বাধ্যবাধকতা আৰু জনস্বাস্থ্যৰ প্ৰতি দায়বদ্ধতাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। তেওঁ স্পষ্টভাৱে কয় যে এফ এছ এছ এ আই ৰেজিষ্ট্ৰেশ্বন বা লাইচেন্স অবিহনে কোনো খাদ্য ব্যৱসায় আইনসন্মতভাৱে চলাব নোৱাৰিব।

ইয়াৰ লগতে প্ৰতিজন খাদ্য ব্যৱসায়ীয়ে এন এ বি এল স্বীকৃতিপ্ৰাপ্ত পৰীক্ষাগাৰত পৰীক্ষা কৰা পানীৰ গুণগত মানৰ প্ৰতিবেদন, লগতে খাদ্য প্ৰস্তুতকাৰী কৰ্মচাৰীসকলৰ পঞ্জীয়নভুক্ত চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা চিকিৎসাগত সুস্থতাৰ প্ৰমাণপত্ৰ জমা দিয়াটো বাধ্যতামূলক বুলি জানিবলৈ দিয়া হয়।

বিভাগে স্পষ্টভাৱে উল্লেখ কৰে যে Food Safety and Standards (Licensing and Registration of Food Businesses) Regulations, ২০১১-ৰ ছিডিউল-IV অনুসৰি ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো সকলো খাদ্য ব্যৱসায়ীৰ আইনগত দায়িত্ব। খাদ্য প্ৰস্তুত কৰা বা পৰিবেশন কৰা প্ৰতিজন কৰ্মচাৰীয়ে পৰিষ্কাৰ এপ্ৰন, হেডগিয়াৰ, হাতমোজা পৰিধান কৰাৰ লগতে নিয়মিতভাৱে হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিব লাগিব।

খাদ্যৰ মানদণ্ড নিশ্চিত কৰাৰ ক্ষেত্ৰত কেঁচামালৰ গুণগত মানৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়। খাদ্য ব্যৱসায়ীসকলক কেৱল FSSAI অনুমোদিত আৰু লাইচেন্সধাৰী যোগানকাৰীৰ পৰা কেঁচামাল সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়া হয়। ব্যৱহৃত প্ৰতিটো পেকেটজাত সামগ্ৰীত উৎপাদনৰ তাৰিখ, মেয়াদ উত্তীৰ্ণৰ তাৰিখ, উপাদানসমূহৰ তালিকা, বেচ নম্বৰ আৰু FSSAI-ৰ তথ্য স্পষ্টভাৱে উল্লেখ থকাটো বাধ্যতামূলক বুলি জাননী দিয়া হয়।

অভিযানত অংশগ্ৰহণ কৰা বিষয়াসকলে খাদ্য বিক্ৰীৰ ঠাইৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। খাদ্য বিক্ৰী কৰা ঠেলাগাড়ী বা ষ্টলসমূহ দৈনিক অন্ততঃ দুবাৰকৈ ভালদৰে ধুই-মাজি পৰিষ্কাৰ কৰিব লাগিব যাতে ধূলি, তেল, মলি, মাখি, নিগনি, পোক-পতংগ অথবা অন্য কোনো দূষণ খাদ্যত মিহলি হোৱাৰ সম্ভাৱনা নাথাকে।

ইয়াৰ লগতে খাদ্য কেতিয়াও মাটিৰ ওপৰত ৰাখিব নালাগে বুলি স্পষ্ট নিৰ্দেশ দিয়া হয়। সকলো খাদ্য সামগ্ৰী ঢাকি সংৰক্ষণ কৰাৰ লগতে উপযুক্ত উষ্ণতাত ৰাখিবলৈও ব্যৱসায়ীসকলক পৰামৰ্শ আগবঢ়োৱা হয়।

খাদ্য সংৰক্ষণৰ বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে ব্যাখ্যা আগবঢ়াই বিষয়াসকলে কয় যে ৫ ডিগ্ৰী চেলছিয়াছৰ পৰা ৬০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাৰ মাজৰ অংশক Danger Zone বুলি কোৱা হয়। এই সময়ছোৱাত খাদ্যত ক্ষতিকাৰক বেক্টেৰিয়াৰ বংশবৃদ্ধি অত্যন্ত দ্ৰুতগতিত হয়। সেয়ে গৰম খাদ্য গৰম আৰু ঠাণ্ডা খাদ্য ঠাণ্ডা অৱস্থাত সংৰক্ষণ কৰাটো অত্যন্ত জৰুৰী।

বিশেষভাৱে আলোচনা কৰা হয় ব্যৱহৃত ৰন্ধন তেল পুনৰ ব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে। খাদ্য সুৰক্ষা বিভাগে জানিবলৈ দিয়ে যে একেটা তেল বাৰে বাৰে গৰম কৰিলে Total Polar Compounds (TPC)-ৰ পৰিমাণ বৃদ্ধি পায়, যি দীৰ্ঘম্যাদীভাৱে হৃদৰোগ, যকৃতৰ ৰোগ, কৰ্কট ৰোগকে ধৰি বহু গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে দুবাৰতকৈ অধিক একেটা তেল ব্যৱহাৰ নকৰিবলৈ আৰু পুনৰ গৰম কৰি ব্যৱহাৰ সম্পূৰ্ণৰূপে পৰিহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হয়।

খাদ্য দূষণ ৰোধৰ ক্ষেত্ৰত কেঁচা আৰু ৰন্ধা খাদ্য পৃথকে সংৰক্ষণ, লগতে নিৰামিষ আৰু আমিষ খাদ্য সম্পূৰ্ণ পৃথকভাৱে প্ৰস্তুত আৰু পৰিবেশন কৰাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়। পৃথক কটিং ব'ৰ্ড, ছুৰী, পাত্ৰ আৰু সংৰক্ষণ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ব্যৱসায়ীসকলক পৰামৰ্শ দিয়া হয় যাতে Cross Contamination ৰোধ কৰিব পৰা যায়।

ইয়াৰ উপৰিও খাদ্য পৰিবেশন বা পেকেট কৰাৰ ক্ষেত্ৰত বাতৰি কাকত, ছপা কাগজ অথবা ধাতুৰ পিন ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ বুলি স্পষ্ট কৰি দিয়া হয়। বিষয়াসকলে কয় যে বাতৰি কাকতৰ চিয়াঁহীত বিভিন্ন ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে, যি খাদ্যৰ সৈতে সংস্পৰ্শলৈ আহিলে জনস্বাস্থ্যৰ বাবে বিপদজনক হ'ব পাৰে। সেয়ে কেৱল Food Grade Disposable Plate আৰু অনুমোদিত খাদ্য পেকেজিং সামগ্ৰীহে ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হয়।

সজাগতা কাৰ্যসূচীৰ সমান্তৰালভাৱে ফুড চেফ্টি অন হুইলছ দলে অঞ্চলটোৰ একাধিক খাদ্য ষ্টলত আকস্মিক পৰিদৰ্শন চলায়। পৰিদৰ্শনৰ সময়ত লাইচেন্স, খাদ্য সংৰক্ষণ ব্যৱস্থা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, ব্যক্তিগত স্বাস্থ্যবিধি, আবৰ্জনা নিষ্কাশন, খাদ্য প্ৰস্তুত প্ৰক্ৰিয়া আদি বিস্তৃতভাৱে পৰীক্ষা কৰা হয়। ইয়াৰ লগতে কেইবাটাও খাদ্যৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ বিশ্লেষণৰ বাবে প্ৰেৰণ কৰা হয়।

খাদ্য ব্যৱসায়ীসকলক নিৰ্দেশ দিয়া হয় যে বিভাগে উল্লেখ কৰা সকলো ত্ৰুটি অবিলম্বে সংশোধন কৰি তাৰ আলোকচিত্ৰ আৰু প্ৰয়োজনীয় নথি-পত্ৰ খাদ্য সুৰক্ষা বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব।

বিভাগে স্পষ্টভাৱে সতৰ্ক কৰি দিয়ে যে অতি সোনকালে পুনৰ পৰিদৰ্শন চলোৱা হ'ব আৰু নিৰ্দেশনা পালন নকৰা খাদ্য ব্যৱসায়ীসকলৰ বিৰুদ্ধে Food Safety and Standards Act, 2006-ৰ বিধান অনুসৰি কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

এই অভিযানৰ সময়ত M/S Brothers Kitchen নামৰ এখন খাদ্য প্ৰতিষ্ঠানত একাধিক গুৰুতৰ খাদ্য সুৰক্ষা সংক্রান্ত অনিয়ম ধৰা পৰে। ফলস্বৰূপে বিভাগে প্ৰতিষ্ঠানখনক সকলো ত্ৰুটি সম্পূৰ্ণৰূপে দূৰ নকৰালৈকে খাদ্য ব্যৱসায় তাৎক্ষণিকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে। লগতে সকলো অনিয়ম সংশোধন কৰি প্ৰাসংগিক নথি-পত্ৰ বিভাগত দাখিল কৰাৰ পিছতহে পুনৰ ব্যৱসায় আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হয়।

বিষয়াসকলে স্পষ্ট কৰি দিয়ে যে এই ব্যৱস্থা কোনো ব্যৱসায়ীক শাস্তি দিয়াৰ উদ্দেশ্যে নহয়; বৰং জনস্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা এক প্ৰতিৰোধমূলক পদক্ষেপ।

অভিযানৰ সময়ত উপস্থিত গ্ৰাহকসকলকো সজাগ কৰা হয়। তেওঁলোকক পৰিষ্কাৰ-পৰিচ্ছন্ন পৰিৱেশত খাদ্য বিক্ৰী কৰা, FSSAI পঞ্জীয়ন থকা খাদ্য প্ৰতিষ্ঠানৰ পৰাই খাদ্য ক্ৰয় কৰিবলৈ আহ্বান জনোৱা হয়। কোনো ধৰণৰ অপৰিষ্কাৰ বা সন্দেহজনক খাদ্য বিক্ৰীৰ ঘটনা চকুত পৰিলে তৎক্ষণাত খাদ্য সুৰক্ষা বিভাগক অৱগত কৰিবলৈও অনুৰোধ জনোৱা হয়।

খাদ্য সুৰক্ষা বিভাগে মত প্ৰকাশ কৰে যে খাদ্য সুৰক্ষা নিশ্চিত কৰাটো কেৱল চৰকাৰৰ একক দায়িত্ব নহয়; খাদ্য ব্যৱসায়ী, গ্ৰাহক আৰু প্ৰশাসন—সকলো পক্ষৰ সমন্বিত প্ৰচেষ্টাৰ জৰিয়তেহে এক সুস্থ, সুৰক্ষিত আৰু বিশ্বাসযোগ্য খাদ্য ব্যৱস্থা গঢ়ি তোলা সম্ভৱ।

হোজাইত চলোৱা এই ব্যাপক সজাগতা আৰু পৰিদৰ্শন অভিযানৰ জৰিয়তে জিলা খাদ্য সুৰক্ষা বিভাগে পুনৰ এবাৰ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিলে—জনস্বাস্থ্যৰ সৈতে কোনো ধৰণৰ আপোচ কৰা নহ'ব। খাদ্য ব্যৱসায়ীসকলে আইনগত বাধ্যবাধকতা পালন কৰাৰ লগতে বৈজ্ঞানিক খাদ্য সুৰক্ষা নীতি কঠোৰভাৱে অনুসৰণ কৰিলেহে জনসাধাৰণৰ আস্থা অটুট থাকিব আৰু এক সুস্থ, নিৰাপদ আৰু স্বাস্থ্যসম্মত সমাজ গঢ়ি তোলা সম্ভৱ হ'ব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande