
গোলাঘাট, ১১ জুলাই (হি.স.)। চাহ জনজাতি লোকৰ দ্বাৰা ভাওনা প্ৰদৰ্শন। দেৰগাঁৱৰ ৰজাবাহাৰ ভূঞা গাঁও নামঘৰত চাহ জনজাতি লোকৰ দ্বাৰা অনুষ্ঠিত হোৱা মহাপুৰুষীয়া আৰ্হিৰ ভাওনাপ্ৰদুম্ন্য পৰ্বইমন মুহিলে অগণন দৰ্শকৰ। শুক্ৰবাৰে নিশা দেৰগাঁৱৰ ৰজাবাহৰ ভূঞা গাঁও নামঘৰত মহাপুৰুষীয়া আৰ্হি ভাওনা 'প্ৰদুম্ন্য পৰ্ব'ভাওনাই কেইবা শতাধিক দৰ্শকক মোহাচন্ন কৰি ৰাখিলে।
মূলত এই ভূঞা গাঁৱত চাহ জনজাতি শ্ৰম জীৱি লোক সকল অতি কষ্টৰে বহু বছৰ ধৰি এনেদৰেই বাৰ্ষিক ভাওনা অনুষ্ঠিত কৰি সকলোৰে প্ৰশংসা পাবলৈ সক্ষম হৈছে। উক্ত এই ভাওনা ভাগ আনুষ্ঠানিক ভাবে উদ্বোধন কৰে স্থানীয় ৰঘুনাথ ভূঞাই। ভাওনাৰ সৈতে সংহতি ৰাখি ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত স্মৃতিচাৰণ কৰাৰ লগতে গাঁৱৰ কেইবাজনো বয়োজ্যেষ্ঠ তথা স্থানীয় কেইবাজনো উক্ত গাঁৱৰ লগত জড়িত ব্যক্তিক বিশেষ ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ