
নগাঁও, ১১ জুলাই (হি.স.): নগাঁও জিলাৰ চামগুৰিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । চামগুৰিৰ বাজীয়া গাঁৱত সংঘটিত হৈছে এই বিধংসী অগ্নিকাণ্ড । আজি পুৱতি নিশা সংঘটিত এই অগ্নিকাণ্ডত 'ৰুমী এন্টাৰপ্ৰাইজ' নামৰ এখন বিপনীৰ সম্পূৰ্ণ সামগ্ৰী জ্বলি ছাই হৈ যায়।
বিপনীখন কামাল উদ্দিন নামৰ এজন ব্যক্তিৰ বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ ফলত প্ৰায় ৭ লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয় । বিপনীখনত ফ্ৰীজ, এচি, পানীৰ মটৰকে ধৰি বিভিন্ন বৈদ্যুতিক সামগ্ৰী মজুত আছিল, যিবোৰ মুহূৰ্ততে জুইৰ গ্ৰাসত পৰে । অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ