
শোণিতপুৰ, ১১ জুলাই (হি.স.)। আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰৰ এজন সদস্যক গ্ৰেপ্তাৰ ঢেকিয়াজুলি আৰক্ষীৰ৷ ঢেকিয়াজুলি আৰক্ষীৰ অভিযানত জব্দ আঠখনকৈ চুৰি বাইক৷ গ্ৰেপ্তাৰ নুৰ মহম্মদ ওৰফে জাফৰ নামৰ এজন দুধৰ্ষ বাইক চোৰ৷ ঢেকিয়াজুলিৰ বিভিন্ন স্থানৰ পৰা বাইক চুৰি কৰি বিক্ৰী কৰি আহিছিল নগালেণ্ড , মণিপুৰ অঞ্চলত৷
বিগত বহুদিনৰ পৰা বাইক চুৰি কাণ্ডৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ঢেকিয়াজুলি জয়নগৰৰ নুৰ মহম্মদ ওৰফে জাফৰে৷ কালি নিশা ঢেকিয়াজুলি আৰক্ষীৰ অভিযানত ঠেলামৰাৰ পৰা গ্ৰেপ্তাৰ হয় নুৰ মহম্মদ। লগতে নুৰ মহম্মদে ঢেকিয়াজুলিৰ বিভিন্ন স্থানত লুকুৱাই ৰখা ৮ খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। আঠখন বাইকৰ ভিতৰত আছে ৩ খন পালচাৰ,৩ খন গ্লেমাৰ,এখন আপাছী আৰু এখন চি টি ১০০ বাইক ।ওদালগুৰি,ওৰাং,খাৰুপেটীয়া বিভিন্ন ঠাইৰ পৰা নুৰ মহম্মদে চুৰি কৰি আনিছিল বাইক কেইখন।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা