
গোলাঘাট, ১১ জুলাই (হি.স.)। বোকাখাতৰ বৰভেটাত পুখুৰীত মৃতদেহ উদ্ধাৰ ৷ যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ থকা লোকজনৰ মৃতদেহ শনিবাৰে উদ্ধাৰ হয় পুখুৰীত ৷ শনিবাৰে পুৱাই পুখুৰীত ওপঙি থকা অৱস্থাত স্থানীয় লোকে এটা মৃতদেহ প্ৰত্যক্ষ কৰে ৷ প্ৰায় ৪৫ বছৰ বয়সীয়া লোকজনক বোকাখাত বৰভেটাৰ অৰুণ মুণ্ডা বুলি ইতিমধ্যে চিনাক্ত কৰে স্থানীয় ৰাইজে ৷
স্থানীয় লোকৰ পৰা জানিব পৰা অনুসৰি উক্ত লোকজন বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল ৷ শনিবাৰে পুৱা গাঁৱৰ পৰা কিছু আতৰত থকা এটা পুখুৰীত ওপঙি থকা অৱস্থাত এটা মৃতদেহ স্থানীয় লোকে প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে ৷ পুখুৰীটোৰ পৰা মৃত লোকজনক উঠাই অনাৰ পিছত অৰুণ মুণ্ডা বুলি চিনাক্ত কৰে ৷ ইতিমধ্যে গাওঁৰক্ষী বাহিনীয়ে এই সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে ৷ আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা