
ধুবুৰী, ১১ জুলাই (হি.স.)। বিধানসভাত ইতিমধ্যে দাখিল হল ২০২৬-২৭ বৰ্ষৰ বিত্তীয় বাজেট। ২০২৬-২৭ ৰ বাজেটত ৰাজ্যৰ ২৭ খন সায়ত্বশাসিত মহাবিদ্যালয়লৈ ২ কোটি টকাৰ অনুদান।
বাজেটত অনুদান ঘোষণাৰ পাছতে উৎফুল্লিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ শিক্ষক সমাজ। এতিহ্যমণ্ডিত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ত ধুবুৰী জিলাৰ লগতে বিভিন্ন জিলাকে ধৰি চুবুৰীয়া ৰাজ্য মেঘালয়, পশ্চিম বংগৰ বহু ছাত্ৰ-ছাত্ৰী এই মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহে যদিও মহাবিদ্যালয়খনত আছে বহু অসুবিধা।
বিশেষকৈ শ্ৰেণীকোঠাৰ অভাৱে জুৰুলা কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষক। ঘোষিত এই অনুদানে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনিকে ধৰি বিভিন্ন সমস্যা দূৰ কৰিব পাৰিব বুলি আশাবাদী মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° কিশোৰ কুমাৰ শ্বাহ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু