চিৰাঙৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত কেন্দ্ৰীয় প্ৰতিনিধিৰ দল
চিৰাঙ, ১১ জুলাই (হি.স.)। চিৰাঙৰ বান পৰিস্থিতিৰ বুজ ল''বলৈ উপস্থিত কেন্দ্ৰীয় প্ৰতিনিধিৰ দল । দলটোত আছে কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰণালয়ৰ সঞ্চালক সঞ্জীৱ কুমাৰ সুমন, কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ সহকাৰী সচিব প্ৰভাত কুমাৰ আৰু কেন্দ্ৰীয় পৰিবহন আৰ
চিৰাঙৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত কেন্দ্ৰীয় প্ৰতিনিধিৰ দল


চিৰাঙ, ১১ জুলাই (হি.স.)। চিৰাঙৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত কেন্দ্ৰীয় প্ৰতিনিধিৰ দল । দলটোত আছে কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰণালয়ৰ সঞ্চালক সঞ্জীৱ কুমাৰ সুমন, কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰণালয়ৰ সহকাৰী সচিব প্ৰভাত কুমাৰ আৰু কেন্দ্ৰীয় পৰিবহন আৰু ঘাইপথ মন্ত্ৰণালয়ৰ মাণ্ডলিক বিষয়া ধীৰাজ। তিনিজনীয়া প্ৰতিনিধি দলটোৱে পুৱা ৯ বজাত চিৰাং জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বান পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে।

সভাত চিদলী -চিৰাং বিধানসভা সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য জেমচ বসুমতাৰী, চাৰিজনকৈ পাৰিষদ ক্ৰমে খাম্পা বৰগয়াৰী,সুকুৰসিং মুছাহাৰী,খলিলুৰ ৰহমান আৰু নন্দলাল মগৰ উপস্থিত থকাৰ লগতে জিলা আয়ুক্ত গোকুল ব্ৰহ্ম সহ জিলা প্ৰশাসনৰ বিষয়া ববীয়া, জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়া, আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত জিলা খনৰ বান পৰিস্থিতিৰ ওপৰত আলোচনা হয় । বিশেষকৈ বানপানীৰ ক্ষয় ক্ষতিৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি আলোচনা হোৱাৰ লগতে সভাৰ শেষত দলটোৱে জিলা খনৰ বান ক্ষতিগ্ৰস্ত ওদালগুৰি আৰু শিশু বাৰী অঞ্চল পৰিদৰ্শন কৰি বুজ লয় ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande