
হোজাই, ১১ জুলাই (হি.স.)। হোজাই জিলাৰ চৌধুৰী বজাৰত নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত জাহ যায় কেইবা খনো দোকান৷
নিশা তিনি বজাত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনাটো৷ ফলত নিদ্ৰাৰত লোক সকলে জুইৰ কথা গম পোৱাৰ পূৰ্বে দাহ যাই একাধিক দোকান ঘৰ৷
এখন ফল-মূলৰ দোকানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ৷ সন্দেহ কৰা অনুসৰি নিশা ফল মূল সমূহ শীতল ৰাখিবলৈ লোকজনে বিদ্যুতৰ ফেনখন চলাই থৈছিল৷ কিন্তু নিশা তিনি বজাত ফেন বিস্ফোৰিত হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু