
তামুলপুৰ, ১১ জুলাই (হি.স.)। দৰঙামেলা-তামুলপুৰ-ৰঙিয়া সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত এএছটিচি ৰ অধীনত চলি থকা যাত্ৰীবাহী বাছ সেৱা অনিৰ্দিষ্ট কালৰ বাবে চলাচল বন্ধ। যাত্ৰীবাহী বাছৰ চালকক অতৰ্কিতে চোকা অস্ত্ৰৰে আক্ৰমণৰ প্ৰতিবাদত এএছটিচি ৰ অধীনৰ তামুলপুৰৰ দৰঙামেলাৰ চালক সকলে পুৱাৰে পৰা স্বতঃস্ফূৰ্ত ভাৱে বন্ধ কৰি ৰাখিছে ৰঙিয়া অভিমুখী দৰঙামেলা ভূটান লাইনৰ সকলো এএছটিচি বাছ চলাচল।
অভিযোগ অনুসৰি, যোৱা ৮ জুলাই তাৰিখে ৰঙিয়া হাইৱে বাছ আস্থানত তামুলপুৰ-দৰঙামেলা অভিমুখী পপীতৰা নামৰ এখন এএছটিচি বাছ ৰৈ থকা অৱস্থাত 'নামনি অসম বাছ মেজিক পৰিবহন সন্থাৰ ফাটে আলী আৰু ওৰফে পুতুল নামৰ লোক দুজনে' অতৰ্কিতে বাছ খনৰ চালক নৱজিত বৰ্মনক চুৰীৰে ভয়ংকৰভাৱে আক্ৰমণ কৰে।
ঘটনাৰ পিছতে চালক আৰু হেণ্ডিমেনে ৰঙিয়া থানাত গোচৰ ৰুজু কৰে যদিও, বৰ্তমানলৈকে আৰক্ষীয়ে কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ আনে।
আৰক্ষীৰ এই নিস্ক্ৰিয়তাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে চালক- হেণ্ডিমেন সকল।
ফলত আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ ক্ষোভিত আন এএছটিচি চালক সকলে স্তব্ধ কৰি ৰাখে দৰঙামেলা-তামুলপুৰ-ৰঙিয়া লাইনৰ সকলো যাত্ৰীবাসী বাছ সেৱা। লগতে ৰঙিয়াৰ পৰা দৰঙামেলা অভিমুখে অহা যাত্ৰীবাসী বাছ সমূহকো ৰখাইছে কুমাৰীকাটাত। চালক সকলে হুংকাৰ দিছে, অভিযুক্ত দুজনৰ ওপৰত অতি শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ নকৰিলে এই বন্ধ অব্যাহত থাকিব।
ইপিনে, ৰঙিয়াৰ হাইৱে চকত ১০০ মিটাৰ দূৰত্বৰ ভিতৰত কিদৰে দুটাকৈ বাছ পাৰ্কিং থাকিব পাৰে বুলিও প্ৰশ্ন চালক সকলৰ।
ইতিমধ্যে বাছ সেৱা বন্ধ হোৱাৰ ফলত বাছ যাত্ৰী সকল সমস্যাৰ সন্মুখীন হৈছে । যাত্ৰীবাহী বাছ নাপাই ই ৰিস্কা- অথবা টেম্পোৰে একাংশ যাত্ৰীয়ে কৰিব লগা হৈছে যাতায়ত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা