বিহালীৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু
বিশ্বনাথ, ১১ জুলাই (হি.স.)। বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু । ঘৰৰ ভিতৰত তেজৰে লুটুৰি পুতুৰি অৱস্থাত উদ্ধাৰ মামনি ভুমিজ বৰা (২৩) নামৰ মহিলা গৰাকী। স্বামী প্ৰাঞ্জল বৰাৰ মতে চিপ লৈ আত্মহত্যা কৰিছে মামনিয়ে। প
বিহালীৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু


বিশ্বনাথ, ১১ জুলাই (হি.স.)। বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু । ঘৰৰ ভিতৰত তেজৰে লুটুৰি পুতুৰি অৱস্থাত উদ্ধাৰ মামনি ভুমিজ বৰা (২৩) নামৰ মহিলা গৰাকী। স্বামী প্ৰাঞ্জল বৰাৰ মতে চিপ লৈ আত্মহত্যা কৰিছে মামনিয়ে। পিছে মামনিৰ মাতৃ আৰু পৰিয়ালৰ অভিযোগ এইয়া পৰিকল্পিত হত্যাকাণ্ড।

আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই চিপজৰী খুলিছিল স্বামীয়ে । আন মহিলাৰ সৈতে ফোনত কথা পতাৰ বাবে স্বামীৰ সৈতে কাজিয়া হোৱাৰ বাবে কালি জপৌবাৰীৰ মাতৃ গৃহলৈ গুছি গৈছিল মামনি। আজি পুৱাই শহুৰেকৰ ঘৰৰ পৰা পত্নী মামনিক লৈ আহিছিল প্ৰাঞ্জলে। পূৰ্বেও মামনিক স্বামী প্ৰাঞ্জলে বহুবাৰ অত্যাচাৰ চলোৱাৰ অভিযোগ মাতৃ পৰিয়ালৰ । প্ৰেম সুত্ৰে আদিবাসী সম্প্ৰদায়ৰ যুৱতি বিবাহ কৰোৱা প্ৰাঞ্জলক পৰিয়ালৰ লোকে ঘৰত স্থান দিয়া নাছিল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande