ধুবুৰীৰ মেদোবিল গাঁৱৰ এজন যুৱক ১৫ দিন ধৰি নিৰুদ্দেশ
ধুবুৰী, ১১ জুলাই (হি.স.)। ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত মেদোবিল গাঁৱৰ বাসিন্দা ছবিয়াল আলী (২৫) নামৰ এজন যুৱক ১৫ দিন ধৰি নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ মাজত শোকৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ছবিয়াল আলী নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা এতিয়ালৈক
ধুবুৰীৰ মেদোবিল গাঁৱৰ এজন যুৱক ১৫ দিন ধৰি নিৰুদ্দেশ


ধুবুৰী, ১১ জুলাই (হি.স.)। ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত মেদোবিল গাঁৱৰ বাসিন্দা ছবিয়াল আলী (২৫) নামৰ এজন যুৱক ১৫ দিন ধৰি নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ মাজত শোকৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, ছবিয়াল আলী নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত তেওঁৰ সন্ধান চলাই আছে যদিও এতিয়ালৈকে কোনো সুং-সূত্ৰ লাভ কৰা নাই। পৰিয়ালৰ তথ্য অনুসৰি, নিৰুদ্দেশ হোৱা যুৱকজন কিছু পৰিমাণে মানসিকভাৱে অসুস্থ আছিল। সন্তানৰ কোনো খবৰ নোপোৱাত তেওঁৰ মাতৃ আৰু আত্মীয়-স্বজন গভীৰ চিন্তা আৰু কান্দোনত ভাঙি পৰিছে।

ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত ফকিৰগঞ্জ আৰক্ষীক অৱগত কৰা হৈছে বুলি জনাইছে আত্মীয়ই।যদি কোনোবাই ছবিয়াল আলীক ক'ৰবাত প্ৰত্যক্ষ কৰে বা তেওঁৰ সম্পৰ্কে কোনো তথ্য লাভ কৰে, তেন্তে অনুগ্ৰহ কৰি 69006 72460নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande