
বৰপেটা, ১১ জুলাই (হি.স.)। সুদূৰ অন্ধ্ৰপ্ৰদেশত কাম কৰিবলৈ যোৱা পুত্ৰ সন্ধানহীন হোৱাৰ খৱৰ পোৱাৰ পিছতে পুত্ৰ শোকত ব্যাকুল হৈ পৰিছে এগৰাকী মাতৃ। বৰপেটাৰ খোলাবান্ধা গাঁৱৰ নিছান আলী নামৰ যুৱকজন অন্ধ্ৰপ্ৰদেশত কাম কৰিবলৈ গৈ চাৰিদিন ধৰি সন্ধানহীন হৈ থকাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পৰিয়ালটোত।
নিছান আলীৰ নিৰুদ্দেশ হোৱা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে কাছুমাৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। ইপিনে নিৰুদ্দিষ্ট নিছান আলীৰ সম্ভেদ দিওঁতাক ২০ হাজাৰ টকাৰ পুৰস্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছে পৰিয়ালৰ লোকে। কোনো ব্যক্তিয়ে নিছান আলীৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা 6900036379 নম্বৰত ফোনযোগে পৰিয়ালক খৱৰ দিবলৈ আহ্বান জনাইছে। সন্ধানহীন নিছান আলীৰ সন্ধান উলিয়াবলৈ আৰক্ষী প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ