অসম আজি বিদ্যুৎ উৎপাদনত স্বনিৰ্ভৰশীল আৰু সেউজ শক্তিভিত্তিক ৰাজ্য হিচাপে পৰিগণিত-বিজেপি
গুৱাহাটী, ১১ জুলাই (হি.স.)। অসমত আজি উদ্যোগ স্থাপনৰ বাবে দেশ-বিদেশৰ উদ্যোগীয়ে আগ্ৰহ প্ৰকাশ কৰাৰ আঁৰত আছে শক্তি খণ্ডৰ বিকাশ৷ অসমৰ শক্তি খণ্ডৰ এক ৰূপান্তৰৰ যাত্ৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ১১ জুলাই (হি.স.)। অসমত আজি উদ্যোগ স্থাপনৰ বাবে দেশ-বিদেশৰ উদ্যোগীয়ে আগ্ৰহ প্ৰকাশ কৰাৰ আঁৰত আছে শক্তি খণ্ডৰ বিকাশ৷ অসমৰ শক্তি খণ্ডৰ এক ৰূপান্তৰৰ যাত্ৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশাশুধীয়া প্ৰয়াসৰ ফলত জৰাজীৰ্ণ বিদ্যুৎ বিভাগ আজি আশাৰ বিভাগলৈ ৰূপান্তৰিত হৈছে৷

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ বিত্তমন্ত্ৰী শ্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই দাখিল কৰা প্ৰথম বাজেটত শক্তি খণ্ডক অত্যাধিক গুৰুত্ব দিয়াত ৰাজ্য চৰকাৰক প্ৰশংসা কৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়াই৷ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মানস শৰণীয়াই অসমত আজি দ্ৰুত গতিত শক্তি উপাদন বৃদ্ধি পাইছে বুলি দাবী কৰে৷ তেওঁ কয় যে তেল আৰু বেটাৰীৰ ব্যৱহাৰ দ্ৰুতগতিত হ্ৰাস পাইছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও মেগা সৌৰ শক্তি প্রকল্প স্থাপনৰ বাবে উদ্যোগ লৈছে৷ বহিঃৰাজ্যৰ পৰা বৃহৎ পৰিমাণে বিদ্যুৎ ক্ৰয়ৰ ওপৰত নিৰ্ভৰশীল অসম আজি বিদ্যুৎ উৎপাদনত স্বনিৰ্ভৰশীল আৰু সেউজ শক্তিভিত্তিক ৰাজ্য হিচাপে পৰিচিত হ’বলৈ আগবাঢ়িছে৷

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উদ্যোগীকৰণ আৰু নগৰায়ণৰ ফলত বিদ্যুতৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পোৱাত বৃহৎ বিনিয়োগ আৰু আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত বিশেষ গুৰুত্ব দিছে। দ্ৰুত অৰ্থনৈতিক উন্নয়ন আৰু নগৰায়ণৰ ফলত অসমত শীৰ্ষ সময়ত বিদ্যুতৰ চাহিদা প্ৰায় ২,৮৪২ মেগাৱাটলৈ বৃদ্ধি পাইছে। শক্তি বিভাগে অসমত আজি বিদ্যুৎ যোগানৰ গড় দৈনিক উপলব্ধতা চহৰ (২৩.৪৩ ঘণ্টা) আৰু গ্রাম্য এলেকা (২৩.০৯ ঘণ্টা) উভয়তে ৰাষ্ট্ৰীয় গড় অতিক্ৰম কৰিছে।

শৰণীয়াই পি এম সূর্য ঘৰ বিনামূলীয়া বিজুলী যোজনাৰ সম্প্ৰসাৰণ অব্যাহত আছে বুলি উল্লেখ কৰি কয় যে ইতিমধ্যে ১.৩০ লাখ গ্রাহক উপকৃত হৈছে আৰু ৪৩০ মেগাৱাটতকৈ অধিক ক্ষমতাৰ সৌৰশক্তি স্থাপন হৈছে। বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই অসম বিধানসভাত দাখিল কৰা ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটত বিভাগটোৰ বাবে ২,৫৭৯ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ লৈছে। বিদ্যুতৰ চাহিদা আৰু যোগানৰ ব্যৱধান দূৰ কৰাৰ উদ্দেশ্যে ৭৭,৩৫৩ কোটি টকাৰ বৃহৎ বিনিয়োগৰ পৰিকল্পনা কৰিছে। পুনৰুজ্জীৱিত বিতৰণ খণ্ড আঁচনিৰ (আৰডিএছএছ) অধীনত ৯,০০০ কোটি টকাতকৈ অধিক বিনিয়োগ আৰু বিলাসীপাৰাত ৭০ মেগাৱাটৰ সৌৰ শক্তি প্রকল্পকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সফল কাৰ্যকৰীকৰণৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ন শক্তিশালী কৰা হৈছে।

ধুবুৰী জিলাৰ বিলাসীপাৰাত ৩,২০০ মেগাৱাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰা হৈছে। আদানি গোটে ২,৭০০ মেগাৱাট ক্ষমতাসম্পন্ন পাম্পড ষ্ট'ৰেজ প্ৰকল্প ৰূপায়ণ কৰিব। ২০৩০ চনৰ ভিতৰত ৩,০০০ৰ পৰা ৪,০০০ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। শোণিতপুৰ, ডিব্ৰুগড় আৰু কাৰ্বি আংলঙত নতুন সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা হ'ব। ১২০ মেগাৱাট ক্ষমতাসম্পন্ন ল'ৱাৰ কপিলী জলবিদ্যুৎ প্ৰকল্পকে ধৰি কেইবাটাও জলবিদ্যুৎ প্ৰকল্পক বিদ্যুৎ উৎপাদন ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হ'ব।

ৰাজ্য চৰকাৰে ১,২০০ কোটি টকাৰ এক প্ৰকল্পৰ অধীনত পুৰণি নিম্ন-ভল্টেজ (লো টেনশ্বন) বিদ্যুৎ লাইনসমূহ সলনি কৰাৰ লগতে হাজাৰ হাজাৰ চাৰ্কিট কিলোমিটাৰ নতুন বিতৰণ লাইন স্থাপন কৰিব। ফলত ভল্টেজৰ স্থিৰতা বৃদ্ধি, বিদ্যুৎ সঞ্চালনত হোৱা অপচয় হ্ৰাস আৰু গ্ৰাহকসকললৈ অধিক নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান নিশ্চিত হ'ব। পৰিকল্পনাসমূহ বাস্তৱায়িত হোৱাৰ লগে লগে অসমে বহিঃৰাজ্যৰ ওপৰত বিদ্যুৎ নিৰ্ভৰশীল হ’ব নালাগিব৷ অসম উত্তৰ-পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰ হৈ পৰিব৷

ইপিনে বাজেটত ৰাজ্য চৰকাৰে এক সুদূৰ প্ৰসাৰী উদ্যোগ গ্ৰহণ কৰি জলবিদ্যুৎ শক্তি সঞ্চয়ৰ ব্যৱস্থা কৰা আঁচনিৰ কথা উল্লেখ কৰিছে৷ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ শৰণীয়াই এই বিষয়ত বিবৃতি যোগে কয় যে বিদ্যুৎ খণ্ডত পাম্পড ষ্ট'ৰেজ প্ৰকল্পৰ দ্বাৰা জলবিদ্যুৎ শক্তি সঞ্চয়ৰ ব্যৱস্থা কৰা হৈছে৷ যেতিয়া বিদ্যুতৰ চাহিদা হ্ৰাস হ’ব যেনে নিশা, তেতিয়া গ্ৰিডত উপলব্ধ অতিৰিক্ত বিদ্যুৎ ব্যৱহাৰ কৰি তলৰ জলাধাৰৰ পানী পাম্পৰ সহায়ত ওপৰৰ জলাধাৰলৈ উঠোৱা হয়। এইদৰে বিদ্যুৎ শক্তি সম্ভাৱ্য শক্তি (পটেন্সিয়েল এনাৰ্জি) হিচাপে সঞ্চিত হয়।

যেতিয়া বিদ্যুতৰ চাহিদা বৃদ্ধি পায়, যেনে সন্ধিয়া, অথবা সৌৰ আৰু বায়ু শক্তিৰ উৎপাদন কম হয়, তেতিয়া ওপৰৰ জলাধাৰৰ পানী টাৰ্বাইনৰ মাজেৰে তললৈ এৰি দিয়া হয়। পানীৰ সোঁতে টাৰ্বাইন ঘূৰাই বিদ্যুৎ উৎপাদন কৰে। পাম্পড ষ্ট'ৰেজ প্ৰকল্পই অতি কম সময়ৰ ভিতৰতে বিদ্যুৎ উৎপাদন কৰিব আৰু বৃহৎ পৰিসৰত শক্তি সঞ্চয় কৰিব৷ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে স্মাৰ্ট মিটাৰ স্থাপন, চৰকাৰী কাৰ্যালয়সমূহত শক্তি সংৰক্ষণ ব্যৱস্থা আৰু বিতৰণ ব্যৱস্থাৰ উন্নয়নৰ জৰিয়তে ৰাজ্যৰ অধিকাংশ অঞ্চলতঅবিৰত বিদ্যুৎ যোগান নিশ্চিত কৰিছে।

ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিদ্যুৎ পৰিদৰ্শকৰ কাৰ্যালয়ৰ জৰিয়তে জি-২বি (চৰকাৰৰ পৰা ব্যৱসায়লৈ) সেৱাসমূহ সম্পূর্ণ ডিজিটেলকৰণ কৰিছে৷ বিভাগটোৱে একেৰাহে পঞ্চম বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ বঁটাত (এন ই চি এ -২০২৫) প্রথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শক্তি বিভাগ এখন ৰাজ্যৰ মুখ্য চালিকাশক্তি৷ আজি শক্তি বিভাগ টনকীয়াল হৈছে৷ সেয়েহে অসমত আজি নতুন উদ্যোগ গঢ়ি উঠিব ধৰিছে বুলিও কয় শৰণীয়াই৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande