
গুৱাহাটী, ১১ জুলাই (হি.স.)। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাজ্যিক চিৰিয়াখানাত চলি থকা আধুনিকীকৰণৰ কাম পৰিদৰ্শন কৰে । তেওঁ জনোৱা মতে, ৩৬০ কোটি টকা ব্যয় সাপেক্ষে চলি থকা প্ৰকল্পটোৰ প্ৰায় ২৭ শতাংশ কাম সম্পূৰ্ণ হৈছে।
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে অসম ৰাজ্যিক চিৰিয়াখানাক আধুনিক সা-সুবিধাৰে সজ্জিত বিশ্বমানৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
পৰিদৰ্শনৰ সময়ত ড০ শৰ্মাই বনমন্ত্ৰীক দেশৰ প্ৰধান আৰু আধুনিক চিৰিয়াখানাসমূহ পৰিদৰ্শন কৰি ইয়াৰ ব্যৱস্থা আৰু উত্তম ব্যৱস্থাপনা পদ্ধতি অধ্যয়ন কৰিবলৈও নিৰ্দেশ দিয়ে, যাতে অসম ৰাজ্যিক চিৰিয়াখানাৰ উন্নয়নত সেইবোৰ উন্নত সুবিধা গ্ৰহণ কৰিব পৰা যায় ।
-----------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ