তেজপুৰত পৃথক পথ দুৰ্ঘটনাত নিহত এক, আহত ছজন
শোণিতপুৰ, ১০ জুলাই (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ ডিপোটাত বৃহস্পতিবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এখন ট্ৰাক ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰাৰ ফলত ট্ৰাকখনৰ চালকজন নিহত হয় ৷ উল্লেখযোগ্য যে,নিশা সংঘটিত এই দুৰ্ঘটনাটো আজি পুৱাহে পোহৰলৈ আহে
তেজপুৰত পৃথক পথ দুৰ্ঘটনাত নিহত এক, আহত ছজন


শোণিতপুৰ, ১০ জুলাই (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰৰ ডিপোটাত বৃহস্পতিবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এখন ট্ৰাক ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰাৰ ফলত ট্ৰাকখনৰ চালকজন নিহত হয় ৷ উল্লেখযোগ্য যে,নিশা সংঘটিত এই দুৰ্ঘটনাটো আজি পুৱাহে পোহৰলৈ আহে ৷

উল্লেখযোগ্য যে, ডিপোটা দলঙৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এপি ৩৯ইউপি ২২৬৭ নম্বৰৰ সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তললৈ বাগৰি পৰে আৰু এটা অংশ পানীত সোমাই পৰে ৷ আজি পুৱা স্থানীয় লোকে ট্ৰাকখন দেখা পাই আৰক্ষীক খৱৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ট্ৰাকখনৰ ভিতৰতে চালকজন আৱদ্ধ হৈ থকাটো নিশ্চিত কৰে ৷ ইতিমধ্যেই চালকজনৰ মৃত্যু ঘটিছিল ৷ ৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চালকজনৰ পৰা চালকৰ অনুজ্ঞাপত্ৰ আদি উদ্ধাৰ নোহোৱাত নিশা পৰ্যন্ত চালকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই ৷

ইপিনে আজি বিয়লি তেজপুৰৰ ভোমোৰাগুৰিত আন এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পথাৰৰ দ-অংশত সোমাই পৰে এখন দ্ৰুতবেগী ব্যক্তিগত বাহন ৷ এই দুৰ্ঘটনাৰ ফলত বাহনখনৰ চালক, মহিলা যাত্ৰীসহ ছজন লোক আঘাতপ্ৰাপ্ত হৈছে ৷ স্থানীয় লোকে দুৰ্ঘটনাত পটিত বাহনখনৰ পৰা লোকসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande