
গুৱাহাটী, ১০ জুলাই (হি.স.)। চৰকাৰে মচা নাছিল গণেশগুৰি ফ্লাইঅভাৰত অকা প্ৰাণ শিল্পী জুবিন গাৰ্গৰ ছবি । ৰং কৰ্মীকেইজনক চৰকাৰে সেই ছবিখন মচিবলৈ কোনো নিৰ্দেশ দিয়া নাছিল । আনকি কোনো মিঞা ৰং মিস্ত্ৰী তথা শ্ৰমিকেও সেই ফটো মচা নাছিল। মচিছিল খাটি অসমীয়া দুই ৰং দিয়া কৰ্মীয়ে যি এজন খাটি অসমীয়া ঠিকাদাৰৰ অধীনত কাম কৰি আছিল।
জুবিন গাৰ্গৰ ফটোখন হেনো জুবিন গাৰ্গৰ দৰে নোহোৱা বাবে ৰং কৰ্মীদুজনে ফটোখন চিনি নাপায় ফটোখন মচিছিল। আজি এক সংবাদমেলত জুবিনৰ ফটো মচা বিতৰ্ক সন্দৰ্ভত মুখ খুলি এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই।
বাজেট দাখিলৰ পাছত সম্বোধন কৰা সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়, ‘‘গণেশগুৰিৰ ফটোখন চৰকাৰে মচিছিল নেকি? দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইবাবে মচি দিছোঁ। দুয়োজন পেইণ্টাৰ কিন্তু মিঞা নহয়, অসমীয়া ল’ৰা। এতিয়া সেই দুজনৰ নাম মই প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল’ব যে চৰকাৰে মচিব দিছিল নেকি? ঠিকাদাৰজনো অসমীয়া। আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকক সুধিলে যে কিয় মচিলি? তেওঁলোকে ক’লে যে দাদা এইখন ফটো জুবিনদাৰ বুলি আমি ভবা নাছিলোঁ। দুজন অসমীয়া মিস্ত্ৰী। বাংলাদেশী মিঞা নহয়, শুদ্ধ অসমীয়া। ঠিকাদাৰজনো শুদ্ধ অসমীয়া ডেকা। মই চিপিক কৈ দিম, আপোনালোকে নাম দুটা লৈ ল’ব।’’
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘সামাজিক নিয়মে কি কয়? জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলী ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক প’ৰ্ট্ৰেইট হ’ব। সকলোৱে সেই ফটোখন আঁকিব। অঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ’ব লাগিবনে নাই? সকলোৱে সকলোধৰণে আঁকিব নোৱাৰে। এখন ফটো পৰিয়ালে ৰিলিজ কৰি দিয়ে। প্ৰতিমূৰ্তি বনালে বা আঁকিবৰ বাবে একেখনে ফটো। সেইকাৰণে এতিয়া তেজপুৰত এখন অদ্ভুত ফটো আঁকে, বৰপেটাত বেলেগ ফটো আঁকে, তাকে লৈ দুদিন ছ’চিয়েল মিডিয়াত চৰ্চা। মোৰ ছিষ্টেমটো কি, যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব। তাৰ পাছত য’তে আঁকে আঁকিব, তাততো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে, তেওঁলোক হ’ল এছ এফ আই। তেওঁলোকে প্রথমে ফ্লাই অ’ভাৰখন হ’ব নিদিয়ে। আৰু ফ্লাই অ’ভাৰ হৈ যোৱাৰ পাছত তেওঁলোকে ফটো আঁকে। এই যিজন ল’ৰা (চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা), তেওঁ ভৰলুমুখৰ ফ্লাই অ’ভাৰ নিদিয়ে। প্ৰথমে তেওঁলোকে গছ কিয় কাটিছে বুলি আন্দোলন কৰে। এই একেটাই গ্ৰুপ। আৰু যেতিয়া ফ্লাই অ’ভাৰখন হৈ যায়, তেওঁলোকক ছবি আঁকিব দিব লাগে, যাতে তেওঁলোকৰ পাব্লিচিটি হয়। আপোনালোকে জীৱনকালত জুবিন গাৰ্গক দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি?’’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘গৰিমাই চহী কৰি এখন ফটো ৰিলিজ কৰি দিব। যিয়ে জুবিনৰ প্ৰতিমূৰ্তি বনাব খোজে, যিয়ে জুবিনৰ ফটো আঁকিব খোজে বা অফিচত ৰাখিব খোজে এইখন ফটো আঁকিব। বা তিনি-চাৰিখন ফটো ৰিলিজ কৰিব। ফটো সকলোৱে আঁকিব পাৰে। কিন্তু এই পাৰ্টিটোক মই ফ্লাই অ’ভাৰত ফটো আঁকিব নিদিওঁ। কাৰণ তেওঁলোকে ফ্লাই অ’ভাৰৰ বিৰোধিতা কৰে। জুবিনৰ ফটো কোনে আঁকিব? জুবিনৰ ফাউণ্ডেশ্যন আছে। এপ্ৰভ ল’ব, অনুমতি ল’ব। জবৰদস্তি নহ’ব নহয়। প্ৰক্ৰিয়া এটা থাকিব লাগিবনে নাই? কোনোবাই চাব লাগিবনে নাই ফটোখন জুবিনৰ ফটো হৈছে নে নাই হোৱা? সকলোৱে ভাবে যে ফেচবুক, ইনষ্টাগ্ৰামত হুলস্থুল লগাই দিম। এনেকৈ নহ’ব নহয়। মই মনে মনে কিয় আছিলোঁ। মই সিদিনাই গোটেইবিলাকক খেদিলোঁহেঁতেন, জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিহে মনে মনে আছিলোঁ। ভাল এজন আৰ্টিষ্টৰ দ্বাৰা ছবিখন অঁকাৰ প্ৰস্তাৱ দিছিলোঁ। পুলিচেও তেওঁক কৈছিল, ‘‘তুমি নাঁকিবা। আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই ছবিখন আঁকিম। তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই সকলো ডিচি, এছ পিক অৰ্ডাৰ দি দিছোঁ যে এই পাৰ্টিটোৱে যদি ফ্লাই অ’ভাৰত ফটো আঁকে, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব। এওঁলোক হ’ল এছএফআই। আৰু য’ত-ত’ত চে গুৱেভাৰাৰ ফটো লগাই দিয়ে। চে গুৱেভাৰা কোন হয়? মইতো কিউবাত গৈছোঁ। কিউবাৰ কথা ষ্টাডী কৰিছোঁ। আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয়। আমাৰ লগত, অসমৰ মাটি-পানী-বায়ুৰ লগত কি সম্পৰ্ক আছে? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে, পৰেশ বৰুৱাৰ আঁকক। সংগ্ৰাম কৰি আছে ৩০ বছৰ। ভাল-বেয়া বেলেগ কথা, পৰিয়ালৰ পৰা দূৰত থাকি সংগ্ৰাম কৰি আছে। আঁকিব খোজে যদি পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰা ক’ৰ পৰা আহিল? কিউবাত লাইট নাই, ৰাস্তা নাই, পানী নাই ? সেইখন দেশৰ লগত অসমৰ তুলনা হ’ব নেকি ? ফটো আঁকক, কিন্তু গাম্ভীৰ্যপূৰ্ণভাৱে।’’
মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, ‘‘চৰকাৰৰ লগত জুবিন গাৰ্গৰ লগত কি আছে? জুবিনৰ বাবে আমিয়েইতো সকলো কৰি আছোঁ। আমি বিচাৰোঁ, ফ্লাই অ’ভাৰৰ বিৰোধিতা নকৰিব। তাত গেলাৰী বিচাৰক। তাত ফটো আঁকক। জ্যোতি-বিষ্ণুৰ ফটো আঁকক, ভূপেন হাজৰিকা, জুবিনৰ ফটো আঁকক। স্থান-কালৰ মহত্ত্ব আছে। গণেশগুৰিৰ সেই ঠাইত আন মানুহৰ তাত স্মৃতি জড়িত হৈ আছে। গণেশগুৰিৰ বিস্ফোৰণৰ। তাত সন্ত্ৰাসৰ বিৰুদ্ধে ছবি আঁকিব লাগে। কাৰণ তাত অসমীয়া মানুহৰ তেজ জড়িত হৈ আছে। আৰু তাৰ পৰা দূৰৰ চানমাৰি ফ্লাই অ’ভাৰখনত এটা গেলাৰী লৈ লওক যে ইয়াত আমি জুবিনৰ শৈশৱৰ পৰা মৃত্যুলৈ ১২খন ছবি আঁকিব। উলুবাৰীত ভূপেন হাজৰিকাৰ ফটো আঁকিব খুজিলে, খানাপাৰাত বিষ্ণু ৰাভাৰ আঁকিব খুজিলে, ভৰলুমুখত জ্যোতিপ্ৰসাদক আঁকিব খুজিলে কোনখন চৰকাৰে বাধা দিব? মইতো আহ্বান জনাইছোঁ যে গুৱাহাটীৰ আৰ্ট কলেজে প্ৰতিখন ফ্লাই অ’ভাৰত থীম লৈ ছবি আঁকক। নেতিবাচক চিন্তাবিলাক অসমত বন্ধ হ’ব লাগিব। এছ এফ আই, চি পি এমে দেশখন খাই পেলাব। হিৰ’ হৈছোঁ বুলি ভাবিছে। কোনদিনা এন এছ এত ভৰাই দিম গম পোৱা নাই। জুবিনৰ ফটো মুখ্যমন্ত্ৰীয়ে নিজেই আঁকিব যাব। মই নিজেই ৰঙ দি আহিম জুবিনৰ ফটোত।’’
উল্লেখ্য যে ১৭ জুনত গণেশগুৰি উৰণ সেতুত চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই অংকন কৰা ছবি মচি দিছিল কোনো অজ্ঞাত লোকে। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ আলোচনা চলি থকাৰ সময়তে মচি দিয়া হৈছিল ছবিখন। ছবিখন মচি দিয়াৰ পাছদিনাই ১৮ জুনত পুনৰ মাৰ্শ্বেল বৰুৱাই সম্পূৰ্ণকৈ অংকন কৰিছিল জুবিন গাৰ্গৰ আধামচা ছবিখন। এই বিতৰ্কক লৈ প্রথমবাৰৰ বাবে আজি মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী