
শিৱসাগৰ, ১০ জুলাই (হি.স.)। নাজিৰাৰ গেলেকীত যিকোনো মুহূৰ্তত ভয়ংকৰ দুৰ্ঘটনাৰ আশংকা৷ আজি তিনিদিনৰ পৰা গেলেকীৰ আদৰ্শ গাঁৱৰ বিভিন্ন স্থানত থকা অএনজিচি(ONGC)ৰ খাদৰ পৰা হোৱা অনিয়ন্ত্ৰিত গেছ নিৰ্গমণ ৰোধ কৰিব পৰা নাই নৱৰত্ন কোম্পানী অএনজিচি এ।
গেলেকী ন-পাম বাৰুতীয়াৰ বসন্ত দূৱৰা নামৰ ব্যক্তি গৰাকীৰ ব্ৰয়লাৰ ফাৰ্মৰ ভিতৰত হঠাৎ এনেদৰে গেছ নিৰ্গত হোৱা কাৰ্য্যত শংকিত হৈ পৰিছে পৰিয়ালটো ।
গেলেকীৰ সমগ্ৰ অঞ্চলজুৰি বিষাক্ত গেছৰ দূৰ্গন্ধই এতিয়া ছানি ধৰিছে পশ্চিম গেলেকী৷ বৰ্তমানলৈকে এই গেছ কৰ পৰা নিৰ্গমন হৈছে তাৰ কোনো শুংশুত্ৰ উলিয়াব পৰা নাই অএনজিচি য়ে।
অএনজিচি য়ে পুৱাৰ পৰা এক্সকেভেটৰ, জেচিবিৰ সহায়েৰে গেছৰ উৎস বিচাৰি খনন চলাই আছে যদিও সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কোম্পানীটো৷
ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন কালিৰে পৰা মজুত আছে যদিও জনসাধাৰণ বৰ্তমানো আতংকিত হৈ আছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা