পশ্চিম নলবাৰীৰ আমনিত নদীত গা ধুবলৈ গৈ দুই ছাত্ৰৰ সলিল সমাধি
নলবাৰী, ১০ জুলাই (হি.স.)। পশ্চিম নলবাৰীৰ আমনিত শোকাবহ ঘটনা । বুঢ়াদিয়া নদীত গা ধুবলৈ গৈ দুই ছাত্ৰৰ সলিল সমাধি৷ কালি বিয়লিৰ পৰা দুই ছাত্ৰ সন্ধানহীন হৈ থকাৰ পিছত বুঢ়াদিয়া নদীত দুয়োৰে মৃতদেহ উদ্ধাৰ হয়৷ ছাত্ৰ দুজন ৰূপম বৰ্মন আৰু নয়ন বৰ্মন জানিব পৰা
পশ্চিম নলবাৰীৰ আমনিত নদীত গা ধুবলৈ গৈ দুই ছাত্ৰৰ সলিল সমাধি


নলবাৰী, ১০ জুলাই (হি.স.)। পশ্চিম নলবাৰীৰ আমনিত শোকাবহ ঘটনা । বুঢ়াদিয়া নদীত গা ধুবলৈ গৈ দুই ছাত্ৰৰ সলিল সমাধি৷ কালি বিয়লিৰ পৰা দুই ছাত্ৰ সন্ধানহীন হৈ থকাৰ পিছত বুঢ়াদিয়া নদীত দুয়োৰে মৃতদেহ উদ্ধাৰ হয়৷ ছাত্ৰ দুজন ৰূপম বৰ্মন আৰু নয়ন বৰ্মন জানিব পৰা গৈছে । স্থানীয় ৰাইজে উদ্ধাৰ কৰে ৰূপম বৰ্মনৰ মৃতদেহ আৰু এছডিআৰএফে এ নদীত অভিযান চলাই উদ্ধাৰ কৰে নয়ন বৰ্মনৰ মৃতদেহ।

জানিব পৰা মতে দুপৰীয়া প্ৰচণ্ড গৰমৰ বাবে গা ধুৱলৈ গৈছিল তিনি কিশোৰে । তাৰ ভিতৰত দুজনে কৰুণ মৃত্যুক আকোৱালি লয় ।সমগ্ৰ ঘটনাই এতিয়া শোকৰ ছা পেলাই নলবাৰী জিলাত৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande